নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ এখন বিশেষ ইলেকট্রিক বিল (Electric bill) আৰু ৮০ কোটি টকা। গণপত নায়ক নামৰ এইগৰাকী বৃদ্ধৰ হাতলৈ আহিল এখন ৮০ কোটি টকীয়া বৈদ্যুতিক বিল। ভাবি আচৰিত লাগিলেও এনে এক ঘটনায়ে সংঘটিত হৈছে মহাৰাষ্ট্রত।
উল্লেখ্য যে মহাৰাষ্ট্ৰৰ লালা ছোপাৰাৰ বাসিন্দা এই বৃদ্ধজন অতি ধনী। তেওঁৰ ধান কল আছে। কিন্তু তেওঁৰ বাবে এই পৰিমাণৰ বৈদ্যুতিক বিলৰ পৰিশোধ কৰাটো সম্ভৱ নাছিল। তাৰ ওপৰত তেওঁ এজন হৃদৰোগী। ফলস্বৰূপে, এই আচৰিতধৰণৰ বিলখন দেখা পায়ে অসুস্থ হৈ পৰে বৃদ্ধগৰাকী। লগেলগে তেওঁক ভৰ্তি কৰোৱা হয় এখন হাস্পতালত।
অৱশ্যে পাছত, বিদ্যুৎ বোৰ্ডে কৈছিল যে বিলখনত প্ৰকৃততে ভুল আছিল। বোৰ্ডৰ কৰ্মচাৰীৰ মতে, “বিলখন তৈয়াৰ কৰা সংস্থাটোৱে ছটা সংখ্যাৰ ঠাইত নটা সংখ্যাৰ বিল তৈয়াৰ কৰিছে। যাৰবাবে এই খেলিমেলি হৈছিল। পিছত আমি পৰীক্ষা কৰিবলৈ গৈছিলো আৰু ভুলটো ধৰিছিলো। অৱশেষত, গণপতৰ পৰিয়াললৈ এটা নতুন বিল প্ৰেৰণ কৰা হৈছে। যি টোৱে পৰিয়ালটোলৈ সকাহ আনিছে।”
ইপিনে বৰ্তমান বৃদ্ধগৰাকীৰ অৱস্থা সুস্থিৰ জানিব পৰা গৈছে।