নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা বিধানসভা নির্বাচনৰ প্রার্থীৰ নির্বাচনী ব্যয় দহ শতাংশ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ দেশত নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা প্রার্থীৰ ব্যয় বৃদ্ধি কৰা হৈছে৷ ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ মাজত অনুষ্ঠিত নির্বাচনত প্রার্থীৰ ব্যয় বৃদ্ধিত নির্বাচন আয়োগে অনুমোদন জনোৱাৰ পিছত মঙলবাৰে কেন্দ্রীয় আইন মন্ত্রালয়ে প্রার্থীৰ ব্যয় বৃদ্ধিক লৈ নির্দেশনা জাৰি কৰিছে৷

কেন্দ্রীয় আইন মন্ত্রালয়ৰ নির্দেশনা অনুসৰি নির্বাচনত প্রার্থীৰ ব্যয় ১০ শতাংশ বৃদ্ধি কৰা হৈছে৷ সেইমর্মে লোকসভা নির্বাচনত প্রার্থীৰ ব্যয় বর্তমানৰ সর্বোচ্চ ৭০ লাখৰ বিপৰীতে ৭৭ লাখ কৰা হৈছে৷ তেনেদৰে বিধানসভা নির্বাচনত প্রার্থীৰ সর্বোচ্চ ব্যয় বর্তমানৰ ২৮ লাখৰ বিপৰীতে ৩০.৮ লাখ কৰা হৈছে৷ তাৎপর্যপূর্ণ যে নির্বাচন আয়োগে এমাহ পূর্বে ক’ভিড–১৯সৃষ্ট পৰিৱেশৰ সময়ত অনুষ্ঠিত নির্বাচনত ১০ শতাংশ ব্যয় বৃদ্ধিত অনুমোদন জনাইছিল৷ সেই অনুমোদনৰ ভিত্তিতে কেন্দ্রীয় আইন মন্ত্রালয়ে ব্যয় বৃদ্ধিৰ নির্দেশনা জাৰি কৰিছে৷

উল্লেখ্য যে এই ব্যয় বৃদ্ধিৰ সুযোগ বিহাৰ বিধানসভা নির্বাচনৰ প্রার্থীসকলে লাভ কৰিব৷ তেনেদৰে এটা লোকসভা সমষ্টি আৰু বিভিন্ন ৰাজ্যত অনুষ্ঠিত হ’ব লগা ৫৯ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ প্রার্থীসকলেও নির্বাচনী ব্যয় পূর্বতকৈ ১০ শতাংশ বৃদ্ধি কৰিব পাৰিব৷ নির্বাচনী আচৰণবিধি সংশোধনী ঘটাই প্রার্থীৰ ব্যয় বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰী নির্দেশনা জাৰি কৰাৰ দিনাৰ পৰাই বলৱৎ হ’ব৷ উল্লেখ্য যে ২০১৪ চনৰ লোকসভা নির্বাচনৰ প্রাক্মুহূর্ততো নির্বাচনত প্রার্থীৰ ব্যয়ৰ ক্ষেত্রত নতুন সিদ্ধান্ত ঘোষণা কৰিছিল৷

You might also like