নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ ভাৰতীয় সেনা বাহিনীৰ নিযুক্তিত দুর্নীতি সংঘটিত কৰাৰ অভিযোগত ১৭ সেনা বিষয়াসহ ২৩জনৰ বিৰুদ্ধে তদন্ত চলাব চি বি আয়ে৷ চি বি আইৰ সূত্রত প্রকাশ পোৱা মতে ছার্ভিচ ছিলেকচন ব’ডৰ জৰিয়তে বিষয়া আৰু আন পদত নিযুক্তিত অনিয়ম আৰু উৎকোচ গ্রহণ কৰাৰ অভিযোগত ১৭ সেনা বিষয়া আৰু আন ছজনসহ ২৩জনৰ বিৰুদ্ধে চি বি আয়ে গোচৰ ৰুজু কৰি তদন্ত চলাব৷
ইতিমধ্যে চি বি আয়ে এই নিযুক্তি সন্দর্ভত সামৰিক বাহিনীৰ বিভিন্ন প্রতিষ্ঠানৰ লগতে অসামৰিক প্রতিষ্ঠানসহ ৩০ স্থানত অভিযান চলাইছে৷ এই অভিযান চলোৱা স্থানসমূহৰ ভিতৰত দিল্লী, লক্ষ্ণৌ, জয়পুৰ, গুৱাহাটী, কাপুৰতলা, বাথিন্দা, কাইথাল, পালৱাল, বেৰেলি, গোৰখপুৰ, বিপাশাপট্টনম, যোৰহাট আৰু ছিৰাংগন আছে৷