নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউনিফর্ম চিভিল কোড কার্যকৰী কৰক কেন্দ্রীয় চৰকাৰে

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ দেশৰ বর্তমান পৰিস্থিতিত ইউনিফর্ম চিভিল কোড বা অভিন্ন দেৱানী বিধিক কার্যকৰী কৰাৰ নির্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে৷ আজি ন্যায়ালয়ৰ ৰায়ত কোৱা হৈছে যে দেশৰ সকলো নাগৰিকৰ বাবে মাত্র এক বিধিৰ যথার্থ প্রয়োজনীয়তা আছে৷ এই প্রয়োজনীয়তাৰ প্রতি গুৰুত্ব প্রদান কৰি কেন্দ্রীয় চৰকাৰে ইউফর্ম চিভিল কোড বলৱৎ কৰিব লাগে বুলি নির্দেশ দিছে বিচাৰপতি প্রতিভা এম সিংহৰ বিচাৰপীঠে৷

আদিবাসী মিনা সম্প্রদায়ৰ মাজত হিন্দু বিবাহ আইনৰ প্রাসংগিকতা সম্পর্কীয় এক গোচৰৰ ৰায়দানৰ সময়ত বিচাৰপতিগৰাকীয়ে কৈছে যে আধুনিক ভাৰতীয় সমাজ লাহে লাহে সমজাতিক হৈ উঠিছে৷ বিভিন্ন ধর্ম–সম্প্রদায় আৰু জাতিৰ পুৰণা ৰীতি–নিয়ম ক্রমে লোপ পাবলৈ ধৰিছে৷ এই বিষয়টো গুৰুত্বসহকাৰে লৈ বর্তমান পৰিস্থিতিত ইউনিফর্ম চিভিল কোড দেশত বলৱৎ কৰা প্রয়োজন বুলি বিচাৰপতিগৰাকীয়ে উল্লেখ কৰিছে৷

ইউনিফর্ম চিভিল কোডৰ অর্থ হৈছে ভাৰতৰ সকলো নাগৰিকৰ বাবে সমান আইন৷ বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, সম্পত্তিৰ অধিকাৰৰ দৰে বিষয়বোৰত প্রতিটো ধর্মীয় সম্প্রদায়ৰ মাজত যিবোৰ নিয়ম, ৰীতি অব্যাহত আছে তাক প্রত্যাহাৰ কৰি সমগ্র দেশত এটা মাত্র ব্যৱস্থাৰ প্রয়োগেই হৈছে ইউনিফর্ম চিভিল কোড৷

You might also like