নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ক’ৰোনা ইংলেণ্ডত পুনৰ সর্বাত্মক লকডাউন ঘোষণা

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ  দেশৰ প্রতিটো প্রান্ততে দ্রুতগতিত নতুন ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত জটিল পৰিস্থিতি সৃষ্টি হোৱাত ইংলেণ্ডত পুনৰ ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰা হৈছে৷ ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে মঙলবাৰে নিশা নতুন ক’ৰোনা ভাইৰাছৰ দ্রুতগতিত সংক্রমণ ৰোধৰ বাবেই ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰিবলগীয়া হৈছে বুলি টেলিভিছনযোগে দেশবাসীক অৱগত কৰে৷ ইংলেণ্ডত নতুন ৰাষ্ট্রীয় লকডাউনৰ নিষেধাজ্ঞা বিগত বর্ষৰ মার্চ মাহৰ ক’ভিড–১৯ৰ লকডাউনৰ লেখীয়াই কঠোৰ হ’ব৷ বুধবাৰৰ পৰা বলৱৎ হোৱা এই নতুন ৰাষ্ট্রীয় লকডাউনৰ নিয়ম অনুসৰি প্রাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়কে ধৰি শৈক্ষিক প্রতিষ্ঠানসমূহ সম্পূর্ণ বন্ধ থাকিব৷ বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকল প্রতিষ্ঠানলৈ উভতি আহিব নালাগে৷ কোনো নাগৰিককে অনাহকত ঘৰৰ বাহিৰলৈ ওলাবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কিমান দিন তথা কোন তাৰিখলৈ এই নতুন ৰাষ্ট্রীয় লকডাউন বলৱৎ হৈ থাকিব, সেই কথা প্রধানমন্ত্রীগৰাকীয়্ স্পষ্টভাৱে উল্লেখ কৰা নাই যদিও লকডাউন ফেব্রুৱাৰীৰ মাজভাগলৈ বাহাল থাকিব৷ এই লকডাউনৰ সময়ত সকলো অনাৱশ্যকীয় দোকান–পোহাৰ, আন বিশেষ প্রতিষ্ঠানসমূহ বন্ধ থাকিব৷ অৱশ্যে অত্যাৱশ্যকীয় সামগ্রীৰ দোকান–পোহাৰ খোলা থাকিব আৰু এই দোকানৰ পৰা সামগ্রীসমূহ অনলাইনযোগে যোগান ধৰা হ’ব৷ বিগত সপ্তাহৰ তুলনাত ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা ৩০ শতাংশ ইংলেণ্ডত বৃদ্ধি পোৱাত হাস্পতালসমূহত ঠাইৰ অভাৱ ঘটিছে৷ ইংলেণ্ডৰ অধিকাংশ অঞ্চলতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাত সেই অঞ্চলসমূহ ইতিমধ্যে কঠোৰ নির্দেশনাৰ অধীনত আছে৷ আনপিনে নতুন ক’ৰোনা ভাইৰাছ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাত সমগ্র ইংলেণ্ডতে ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰে চৰকাৰে৷ আনহাতে জানুৱাৰীৰ শেষলৈকে স্কটলেণ্ডত লকডাউন ঘোষণা কৰা হৈছে৷ গুৰুত্বপূর্ণ যে বিশ্বৰ প্রথম দেশ হিচাপে গ্রেট ব্রিটেইনত ফাইজাৰ–বায়’এনটেকৰ ভেকচিন আৰু অক্সফ’ডৰ ভেকচিন ক’ভিশ্বিল্ডৰ গণটিকাকৰণ আৰম্ভ কৰিছে৷ এই টিকাকৰণ চলি থকাৰ মাজতেই ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ লোৱাত লকডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

নতুন ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ গ্রেট ব্রিটেইনত হোৱাৰ পিছত এই ভাইৰাছটোৰ সংক্রমণ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে৷ ইউৰোপীয় সংঘৰ দেশৰ লগতে কানাডা, জাপান, অষ্ট্রেলিয়া, লেবানন, ছিংগাপুৰ আদিৰ পিছত ভাৰততো এই ভাইৰাছৰ সংক্রমণ হৈছে৷ ইংলেণ্ডফেৰৎ লোকৰ দেহত নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে৷ আজি ২০জন লোক নতুন ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাত এই ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৫৮লৈ বৃদ্ধি পাইছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভায়ৰ’লজীত আজি ২০জন লোকৰ দেহত নতুন ক’ৰোনা ভাইৰাছ ধৰা পৰে৷ ইয়াৰ পূর্বে কলকাতা, ভুবনেশ্বৰ, হায়দৰাবাদ, বাংগালুৰু, দিল্লীত এই নতুন ভাইৰাছত আক্রান্ত লোক ধৰা পৰিছিল৷ নতুন ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে গ্রেট ব্রিটেইনৰ পৰা ভাৰতলৈ অহা সকলো যাত্রীক নিৰীক্ষণ আৰম্ভ কৰি দিছে৷
ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনৰ ২৬ জানুৱাৰীত ভাৰত ভ্রমণ বাতিল
গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনৰ ২৬ জানুৱাৰীৰ ভাৰত ভ্রমণ বাতিল কৰা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আমন্ত্রণমর্মে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল’বলৈ ভাৰত ভ্রমণলৈ আহিবলগীয়া ব্রিটিছ প্রধানমন্ত্রী জনছনে তেওঁৰ কার্যসূচী বাতিল কৰিছে৷ ডাউনিং ষ্ট্রীটৰ মুখপাত্রই প্রকাশ কৰা মতে ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্ আজি পুৱা ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে টেলিফোনিক বার্তালাপ কৰি মাহটোৰ শেষৰ ভালে ভাৰত ভ্রমণ কৰিবলগীয়া কার্যসূচী বাতিল কৰিবলগীয়া হৈছে বুলি দুখ প্রকাশ কৰে৷ প্রধানমন্ত্রী মোদীৰ সৈতে টেলিফোনিক বার্তালাপত ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্ কয় যে দেশখনত নতুন ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাত যোৱানিশা ৰাষ্ট্রীয় লকডাউন ঘোষণা কৰিবলগীয়া হৈছে৷ এনে সময়ত তেওঁ দেশত থাকি ভাইৰাছটোৰ বিৰুদ্ধে যুঁজাত প্রাধান্য দিব লাগিব৷ ভাৰত ভ্রমণ বাতিল কৰি দুখ প্রকাশেৰে ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্ ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক বর্তাই ৰখাৰ লগতে ক’ভিড–১৯ক লৈ দুই দেশৰ মাজত সহযোগিতা চলি থাকিব বুলি প্রতিশ্রুতি দিয়ে৷ আনপিনে ডাউনিং ষ্ট্রীটৰ মুখপাত্রগৰাকীয়ে কয় যে গ্রেট ব্রিটেইনত অনুষ্ঠিত হ’বলগীয়া জি–৭ সন্মিলনত প্রধানমন্ত্রী মোদীয়ে অতিথি হিচাপে অংশগ্রহণ কৰিবলৈ দেশখন ভ্রমণৰ পূর্বে ব্রিটিছ প্রধানমন্ত্রীগৰাকীয়্ ২০২১ৰ প্রথম ভাগতে ভাৰত ভ্রমণ কৰাৰ আশা ব্যক্ত কৰিছে

You might also like