নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ শিহৰণকাৰী হাথৰাছৰ গণধর্ষণ আৰু হত্যাৰ গোচৰ সন্দর্ভত চি বি আয়ে আৰম্ভ কৰিছে তদন্ত৷ কালি চি বি আইৰ অনুসন্ধানকাৰী বিষয়াৰ দল এটা উপস্থিত হৈছে এই গোচৰত অভিযুক্তৰ পৰিয়ালৰ সদস্যসকলক জেৰা কৰিবলৈ৷
হাথৰাছৰ বুলগাৰহি গাঁৱত চি বি আইৰ দলটোৱে উপস্থিত হোৱাৰ লগে লগে সংবাদ মাধ্যমে বিষয়টোত গুৰুত্ব আৰোপ কৰিছে৷ স্মর্তব্য যে চাৰি ধর্ষণকাৰী সন্দীপ, ৰবি, ৰামু আৰু লৱকুশক উত্তৰ প্রদেশ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷