নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদকাৰীক আতিশয্য চলালে পৰিণতি ভয়ংকৰ হ’ব

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ  ম্যানমাৰত সামৰিক অভ্যুত্থানবিৰোধী প্রতিবাদকাৰীৰ বিৰুদ্ধে হিংস্র অৱদমন চলিলে দেশখনৰ সেনাশাসক ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব৷ শেহতীয়াকৈ এই সকীয়নি প্রদান কৰিছে বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ বিশেষ কূটনীতিক ক্রিষ্টাইন স্কানাৰ বার্গেনাৰে আজি ম্যানমাৰৰ সামৰিক চৰকাৰলৈ সতর্কবাণী কৰি কৈছে যে দেশখনত শান্তিপূর্ণভাৱে জনসাধাৰণৰ প্রতিবাদ সাব্যস্ত কৰাৰ যি অধিকাৰ, তাক সন্মান জনোৱা উচিত৷ অন্যথা আন্তর্জাতিক সম্প্রদায়ে ম্যানমাৰৰ সেনা চৰকাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হ’ব বুলিও বার্গেনাৰে উল্লেখ কৰিছে৷ স্মর্তব্য যে আজি পুৱা দেশখনত ইণ্টাৰনেট সেৱা পুনৰ মুকলিৰ অনুমতি দিছে সামৰিক চৰকাৰে৷

You might also like