কৃষক আন্দোলনঃ কেন্দ্রীয় চৰকাৰৰ লিখিত প্রস্তাৱ নাকচ প্রতিবাদী কৃষক সংগঠনৰ
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ তিনি কৃষি আইন বাতিলৰ দাবীত অটল থকা প্রতিবাদী কৃষক সংগঠনে নাকচ কৰিলে কেন্দ্রীয় চৰকাৰৰ লিখিত ৭ প্রস্তাৱ৷ দিল্লী চলো কার্যসূচীৰে ৰাজধানী চহৰখনৰ সীমান্তত কৃষকৰ প্রতিবাদ আজি চতুর্দশ দিনত ভৰি দিয়াৰ দিনাই কেন্দ্রীয় চৰকাৰে এম এছ পি বাহাল ৰখাকে ধৰি কৃষি আইনৰ কেইবাটাও সংশোধনীৰ ৭টা লিখিত প্রস্তাৱ প্রতিবাদৰ কেন্দ্রবিন্দু সিংঘু সীমান্তলৈ প্রেৰণ কৰে৷ এই ৭টা লিখিত প্রস্তাৱৰ ওপৰত ৪০ কৃষক সংগঠনৰ নেতৃত্বই আলোচনাৰ অন্তত তিনি কৃষি আইন বাতিল নকৰালৈকে প্রতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰে৷ উল্লেখ্য যে কালি ১১ বজাৰ পৰা ৩ বজালৈ চাৰি ঘণ্টীয়া কৃষকৰ ভাৰত বন্ধত দেশৰ ২৩খন ৰাজ্যত মিশ্রিত প্রভাৱ পৰাৰ সময়তে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৃষক সংগঠনৰ প্রতিনিধিক আলোচনাৰ বাবে আমন্ত্রণ জনায়৷ গৃহমন্ত্রীৰ আমন্ত্রণক্রমে কালি সন্ধিয়া প্রায় ৮ বজাত ১৩ কৃষক সংগঠনৰ প্রতিনিধিয়ে গৃহমন্ত্রীগৰাকীৰ সৈতে বৈঠকত মিলিত হ’লেও কোনোধৰণৰ মীমাংসা নোলাল৷ ইয়াৰ কেইঘণ্টামানৰ পাছতেই বুধবাৰে পুৱা সিংঘু সীমান্তলৈ কেন্দ্রীয় চৰকাৰে ৭টা লিখিত প্রস্তাৱ প্রেৰণ কৰি আন্দোলন সামৰণিৰ চেষ্টা চলায়৷ কিন্তু ৩ কৃষি আইন বাতিলৰ দাবীত আঁকোৰগোজ কৃষক সংগঠনৰ নেতৃত্বই চৰকাৰৰ প্রস্তাৱক সমূলি নাকচ কৰাই নহয়, দিল্লী সীমান্তত প্রতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰে৷ দিল্লী সীমান্তলৈ আৰু অধিক কৃষক আহি প্রতিবাদত অংশ ল’ব বুলিও কৃষক নেতৃত্বই সদৰী কৰে৷
ইপিনে, নিজৰ স্থিতিত অটল থকা কৃষক সংগঠনৰ নেতৃত্বই এই আন্দোলন অধিক তীব্রতৰ কৰি তোলাৰ লক্ষ্যৰে প্রতিখন ৰাজ্যৰ প্রতিখন জিলাত ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব৷ এনেদৰে অহা ১৪ ডিচেম্বৰত দেশজোৰা প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব বুলিও ঘোষণা কৰে কৃষক সংগঠনৰ নেতৃত্বই৷ কৃষকৰ আন্দোলনক নেতৃত্ব দিয়া অল ইণ্ডিয়া কিষাণ সংঘর্ষ কো–র্ডিনেচন কমিটীয়ে (এ আই কে এছ চি চি) সন্ধিয়া কেন্দ্রীয় চৰকাৰৰ প্রস্তাৱক লৈ প্রচাৰ কৰা বিবৃতি মতে, কৃষকৰ দাবীসমূহ সমাধানৰ ক্ষেত্রত মোদী চৰকাৰ অসচেতন আৰু অহং৷ গতিকে সর্বভাৰতীয় কৃষক সংস্থা এ আই কে এছ চি চিয়ে চৰকাৰৰ পুৰণি প্রস্তাৱক নাকচ কৰিছে৷ সকলো কৃষক সংগঠনে তিনি কৃষি আইন আৰু বিদ্যুৎ আইন–২০২০ বাতিল নকৰালৈকে প্রতিবাদ অব্যাহত ৰাখিব৷ এ আই কে এছ চি চিয়ে বিবৃতিত এই কথাও স্পষ্ট কৰি দিয়ে যে কৃষকৰ প্রতিবাদক সমর্থন জনোৱা সকলো সংগঠনৰ সৈতে অংশ লৈ দেশৰ প্রান্তে প্রান্তে তিনি কৃষি আইন বাতিলৰ দাবীত কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব৷ তাৎপর্যপূর্ণ যে কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰৰ নেতৃত্বত চৰকাৰৰ প্রতিনিধি দল এটাৰ সৈতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৪০ প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিয়ে তিনিখন বৈঠকত মিলিত হৈছিল যদিও আটাইকেইখন বৈঠক বিফল হয়৷ এই বৈঠকত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধিয়ে এম এছ পি বাহাল ৰখাৰ লগতে কৃষি আইন সংশোধনৰ আশ্বাস দিয়ে যদিও কৃষক প্রতিনিধিয়ে তাক নস্যাৎ কৰি তেওঁলোকে তিনি কৃষি আইন বাতিলৰ দাবীত অটল থাকে৷ তিনিখন বৈঠক বিফল হোৱাৰ পাছত আজি চতুর্থলানি বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্রতিবাদী কৃষক সংগঠনৰ প্রতিনিধিয়ে এই বৈঠকত অংশ নলয় বুলিও ঘোষণা কৰিছে৷ উল্লেখ্য যে দিল্লী চলো প্রতিবাদৰ সময়ত পঞ্জাবৰ কৃষকৰ নেতৃত্বত চলি থকা কৃষক আন্দোলনৰ প্রতিনিধিয়ে তিনিখন বৈঠকত মিলিত হোৱাৰ পূর্বেও আইনখন বলৱৎ হোৱাৰ পাছতেই প্রতিবাদৰ সময়ত দুখন বৈঠকত মিলিত হৈছিল৷ গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে বৈঠক বিফল হোৱাৰ পাছত কৃষক সংগঠনলৈ কেন্দ্রীয় চৰকাৰে প্রেৰণ কৰা সাত লিখিত প্রস্তাৱ হৈছে– এম এছ পি অব্যাহত থাকিব আৰু কেন্দ্রই এম এছ পিৰ সৈতে থাকিব৷ এ পি এম চি আইনৰ সালসলনি কৰিব৷ কৃষকৰ সৈতে ব্যৱসায় কৰিবলৈ ব্যক্তিগত খণ্ডই পঞ্জীয়ন কৰিব লাগিব৷ ঠিকাভিত্তিক কৃষি আৰু কৃষকে আদালতত আপত্তি দর্শোৱাৰ সুযোগ পাব আৰু কেন্দ্রই পৃথককৈ ফার্ষ্ট ট্রেক আদালত স্থাপন কৰিব৷ কেন্দ্রই ব্যক্তিগত খণ্ডৰ ওপৰত উপ–কৰ বলৱৎ কৰিব৷ এই লিখিত প্রস্তাৱকেইটা কালি গৃহমন্ত্রীৰ সৈতে বৈঠকত মিলিত হোৱা ১৩ কৃষক সংগঠনৰ প্রতিনিধিলৈ প্রেৰণ কৰিছিল৷ ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্র ৰাকেশ টিকাইটে আজি পুৱাই কেন্দ্রীয় চৰকাৰৰ সৈতে হ’বলগীয়া চতুর্থলানি বৈঠক বাতিল কৰা হৈছে বুলি ঘোষণা কৰে৷ লক্ষণীয় যে বিগত ১৪ দিন ধৰি দেশৰ ৰাজধানী দিল্লীগামী সকলো সীমান্ত পথ প্রতিবাদী কৃষকে অৱৰোধ কৰি থকাৰ ফলত চুবুৰীয়া ৰাজ্যৰ পৰা ৰাজধানীলৈ যাবলগীয়া সকলো যাতায়াত বন্ধ হৈ আছে৷