নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধর্ষণৰ গোচৰত ১৬ বছৰ কাৰাবাস নির্দোষীৰ ক্ষমা বিচাৰিলে মার্কিন লেখিকাই

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ধর্ষণৰ গোচৰত ১৬ বছৰ কাৰাবাস খটাৰ পিছত একেটা গোচৰত পুনৰ বিচাৰ প্রক্রিয়াত লোকজন নির্দোষী প্রমাণিত হোৱা ঘটনাক লৈ আমেৰিকাত সৃষ্টি হৈছে চাঞ্চল্য৷ আমেৰিকাৰ জনপ্রিয় লেখিকা এলিচ ছেব’ল্ডে এই ব্যক্তিজনৰ ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হৈছে৷ এণ্টনী ব্রডৱাটাৰ নামৰ লোকজনৰ ১৯৮১ চনত ষোড়ষী এলিচক ধর্ষণৰ গোচৰত ১৬ বছৰ কাৰাদণ্ড বিহা হৈছিল৷ কিন্তু পুনৰ গোচৰটোৰ বিচাৰ প্রক্রিয়াত এণ্টনী নির্দোষী প্রমাণিত হৈছে৷ লগে লগে এলিচে এণ্টনীৰ ওচৰত ক্ষমা বিচাৰিছে৷

You might also like