নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক প্রত্যাহ্বান জনাবলৈ ইউৰোপে পথ প্রকল্পত বিনিয়োগ কৰিব ৩৪ হাজাৰ কোটি ডলাৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ইউৰো–এছিয়াত চীনৰ বেল্ট এণ্ড ৰোড আঁচনিক প্রত্যাহ্বান জনাবলৈ সাজু হৈছে ইউৰোপীয় সংঘ (ইইউ)৷ ইউৰোপীয় সংস্থাটোৱে বিশ্বজুৰি চীনৰ বাণিজ্যিক আধিপত্যক প্রত্যাহ্বান জনাই বিভিন্ন প্রকল্পত বিনিয়োগ কৰিব ৩৪ হাজাৰ কোটি ডলাৰ৷ চীনৰ বেল্ট এণ্ড ৰোড আঁচনিৰ এয়া প্রকৃত বিকল্প হ’ব বুলি ইউৰোপীয় আয়োগৰ মুৰব্বী উৰছুলা ভন ডাৰ লিয়েনে উল্লেখ কৰিছে৷ গোলকীয় এই পথ আঁচনিয়ে ইউৰোপীয় দেশসমূহক বিশ্বজুৰি বাণিজ্য সম্প্রসাৰণৰ বাবে নতুন সুযোগ প্রদান কৰিব৷ স্মর্তব্য যে ই ৰে’লপথ, স্থলপথ আৰু বন্দৰৰ মাজত বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰিছে৷ কিন্তু চীনৰ এই আঁচনিৰ জৰিয়তে বহু দেশক ঋণৰ ফান্দত পেলোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷ ইউৰোপীয় আয়োগৰ মুৰব্বীগৰাকীয়ে এইক্ষেত্রত বিভিন্ন প্রকল্পৰ নক্সা প্রস্তুত কৰিবলৈ বিশ্বস্ত সহযোগীৰ প্রয়োজন বুলি উল্লেখ কৰিছে৷ ইউৰোপীয় সংঘই বিশ্বৰ অন্য দেশৰ পৰা গোলকীয় এই আঁচনিৰ বাবে সহায়–সহযোগিতা বিচাৰিছে৷ ইউৰোপীয় সংঘৰ সদস্য দেশসমূহৰ উপৰি আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানসমূহৰ পৰা এই মেগা প্রকল্প সফল কৰি তুলিবলৈ কেনেধৰণে ধন সংগ্রহ কৰিব পৰা যায়, তাক লৈ ইতিমধ্যে চিন্তা–চর্চা চলোৱা হৈছে৷ সংবাদ সংস্থা বি বি চিৰ প্রতিবেদন অনুসৰি ইউৰোপীয় সংঘৰ এই গোলকীয় প্রকল্পত আফ্রিকাক বিশেষ গুৰুত্ব প্রদান কৰা হ’ব৷ অর্থাৎ চীনক প্রত্যাহ্বান জনাবলৈ হ’লে আফ্রিকা হ’ব ইউৰোপীয় সংঘৰ প্রস্তাৱিত এই প্রকল্পৰ মূল লক্ষ্য৷ উল্লেখনীয় যে আমেৰিকাই এই প্রকল্পৰ প্রতি কেনেধৰণৰ সঁহাৰি প্রদর্শন কৰে সেয়া এতিয়াই জানিব পৰা হোৱা নাই৷

You might also like