দেশ বিদেশৰাষ্ট্ৰীয় মেথি শাক বুলি খাইছিল গাঞ্জা; পৰিয়ালৰ সকলো এতিয়া হাস্পতালত ভৰ্তি ! পিছে ক’ত এই ঘটনা ? By নিয়মীয়া বাৰ্তা On Jun 30, 2020 Share নিয়মীয়া বাৰ্তা, ৩০ জুনঃ মেথি শাক বুলি গাঞ্জা মিশ্ৰিত মেথি আৰু আলু ভাজি খায় মঙলবাৰে উত্তৰ প্ৰদেশৰ এটা পৰিয়ালৰ কেইবাজনো লোক অসুস্থ হৈ পৰে। প্ৰাপ্ত তথ্য অনুসৰি, কন্নৌজৰ মিয়াগঞ্জ গাঁৱৰ নৱল কিশোৰ নামৰ লোকজনে একে গাঁৱৰে নিবাসী ওমপ্ৰকাশ নামৰ লোকজনৰ পুত্ৰ নিতেশক ঘটনাৰ ৰং চাবলৈ মেথি শাক বুলি কৈ গাঞ্জাৰ শাক দিছিল । ঘৰলৈ আহি নিতেশে সেই গাঞ্জাখিনি তেওঁৰ বৌয়েকক ৰান্ধিবলৈ দিয়ে । পাছত সেই গাঞ্জাখিনি মেথি বুলি ভাবি তাক আলুৰ সৈতে বৌয়েকে দুপৰীয়াৰ সাজত ভাজি ৰান্ধিছিল । ইপিনে আবেলি সেই সুস্বাদু বেঞ্জন ওম প্ৰকাশ, পুত্ৰ নিতেশ, মনোজ কমলেছ, পিংকী আৰু আৰতীয়ে আহাৰৰ লগত গ্ৰহণ কৰিছিল । কিন্তু সেই আহাৰ গ্ৰহণৰ কেইমূহুৰ্তমান পাছতেই পৰিয়ালৰ সকলোৰে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে । অৱশ্যে এই ঘটনাৰ বিষয়ে কাষৰীয়া লোকে গম পাই আৰক্ষীক খবৰ দিয়ে আৰু তেওঁলোকক ততাতৈয়াকৈ ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। চিকিৎসা প্ৰদানৰ অন্তত বৰ্তমান লোক কেইজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। আনহাতে আৰক্ষীয়ে পৰিয়ালটোৰ পৰা সমগ্ৰ বিষয়ে অৱগত হৈ কেৰাহীত থকা আৰু নভজা গাঞ্জাখিনি জব্দ কৰে । লগতে এই সমগ্ৰ ঘটনাৰ সৈতে অভিযুক্ত নৱল কিশোৰক আটক কৰে । Share