কৃষি আইন বাতিলৰ দাবীত ৰাজপথত হাজাৰ হাজাৰ খেতিয়কৰ বিক্ষোভ
অৱশেষত বিদ্রোহী কৃষকক ৰাজধানীত প্রৱেশৰ অনুমতি কেন্দ্রৰ
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ অৱশেষত বিদ্রোহী কৃষকৰ ক্ষেত্রত নৰম হ’ল দিল্লী আৰক্ষী৷ কৃষি আইন বাতিলৰ দাবীত পঞ্জাবৰ পৰা ‘দিল্লী চলো’ কার্যসূচী গ্রহণেৰে ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ বিক্ষোভকাৰী খেতিয়কক ৰাজধানীত প্রৱেশৰ অনুমতি দিলে কেন্দ্রীয় চৰকাৰে৷ আজি দুপৰীয়াৰ ভাগত কেন্দ্রীয় চৰকাৰৰ অধীনত থকা দিল্লী আৰক্ষীয়ে সংঘাতৰ অৱসান ঘটাই নতুন দিল্লীৰ বুৰাৰি এলেকাৰ নিৰংকৰী ময়দানত বিদ্রোহী কৃষকসকলক সমৱেত হোৱাৰ অনুমতি দিয়ে৷ অৱশ্যে কৃষি আইন বাতিলৰ দাবীত অটল থকা কৃষকসকলে নিৰংকৰী ময়দানত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিবলৈ অস্বীকাৰ কৰে৷ নিৰংকৰী ময়দানৰ পৰিৱর্তে দিল্লী–হাৰিয়ানাৰ সীমান্তৱর্তী ছিংগুতেই বিদ্রোহী কৃষকসকলে বিক্ষোভ অব্যাহত ৰাখিছে৷ উল্লেখ্য যে পঞ্জাবৰ পৰা দলে দলে ৰাওনা হোৱা কৃষকসকলক কালি গোটেই দিনটো হাৰিয়ানা আৰক্ষীয়ে ছত্রভংগ দিয়াবলৈ বিভিন্ন ধৰণে চেষ্টা চলাইছিল৷ নিশাৰ ভাগত হাৰিয়ানা আৰক্ষীয়ে এইক্ষেত্রত অধিক কঠোৰ হৈ পৰে৷ নৱেম্বৰ মাহৰ নিশাৰ হাড় কঁপোৱা শীতৰ মাজতেই হাৰিয়ানাৰ সোণিপটত প্রায় ১১ বজাত আৰক্ষীয়ে প্রতিবাদকাৰী কৃষকৰ ওপৰত নিক্ষেপ কৰে পানীহিলৈ৷ কালি সন্ধিয়াৰ ভাগতেই প্রতিবাদকাৰী কৃষকৰ এটা দল সোণিপটত উপস্থিত হৈছিল৷ ৰাজপথত বিক্ষোভ প্রদর্শন কৰি নিজ দাবীৰ সপক্ষে তেওঁলোকে বিভিন্ন ধৰণৰ শ্লোগান দিয়া আৰম্ভ কৰিছিল৷ প্রতিবাদকাৰী কৃষকক ‘দিল্লী চলো’ত বাধা প্রদান কৰিবলৈ সকলোধৰণে সষ্টম হৈ আছিল হাৰিয়ানা আৰক্ষী৷ তেতিয়ালৈকে উভয় পক্ষৰ মাজত কোনোধৰণৰ সংঘাতৰ উদ্ভৱ হোৱা নাছিল যদিও নিশা প্রায় ৯ বজাত পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰে৷ কৃষকসকলে আৰক্ষীক বেৰিকেড আঁতৰাই দিবলৈ অনুৰোধ জনায়৷ পিছে আৰক্ষীয়ে কৃষকসকলক সেই স্থানৰ পৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে৷ নির্দেশ নামানি কৃষকসকলে বেৰিকেডৰ দিশে আগবাঢ়ি অহাৰ সময়তে আৰক্ষীয়ে নিক্ষেপ কৰে পানীহিলৈ৷ আজি পুৱাৰ ভাগৰ পৰাই দিল্লী সীমান্ত সংলগ্ণ বিভিন্ন এলেকাত কালিৰ ঘটনাৰ পুনৰাবৃত্তি ঘটে৷ কৃষকসকলে বেৰিকেড ভাঙি আগবাঢ়ি অহাৰ চেষ্টা কৰাৰ বিপৰীতে প্রতিবাদকাৰীক বাধা প্রদান কৰিবলৈ আৰক্ষীয়ে সর্বশক্তি প্রয়োগ কৰে৷
আৰক্ষীয়ে ২৪নং ৰাষ্ট্রীয় ঘাইপথৰ লগতে দিল্লী–হাৰিয়ানাৰ সীমান্তৱর্তী ছিল্লা, টিক্ৰি, বাহাদুৰগড়, ফৰিদাবাদ, কালিন্দী, ছিংঘু, ছিংগু আদিত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে৷ সংযুক্ত কিষাণ মর্চা আৰু অল ইণ্ডিয়া কিষাণ সংঘর্ষ কো–র্ডিনেচন কমিটীয়ে এক যুটীয়া বিবৃতিযোগে সদৰী কৰা অনুসৰি দিল্লীত প্রৱেশৰ লক্ষ্যৰে ইতিমধ্যে প্রায় ৫০ হাজাৰ কৃষক উপস্থিত হৈছে দিল্লী–হাৰিয়ানা সীমান্তৰ বিভিন্ন এলেকাত৷ এই বৃহৎসংখ্যক প্রতিবাদকাৰী কৃষকক বাধা প্রদানৰ উদ্দেশ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ সমান্তৰালভাৱে দিল্লী–হাৰিয়ানা সীমান্তত মোতায়েন কৰা হৈছে বৃহৎসংখ্যক আৰক্ষী৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দিল্লীত প্রৱেশৰ বাবে বিভিন্ন কৃষক সংগঠনে জনোৱা আর্জি ক’ৰোনা মহামাৰীৰ দোহাই দি ইতিমধ্যে খাৰিজ কৰিছিল দিল্লী আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ আয়ুক্ত এছ এন শ্রীবাস্তৱে এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য আছিল এনেধৰণৰ– ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ৰাজনৈতিক সমাৱেশৰ অনুমতি দিয়াটো সম্ভৱ নহয়৷ আমি কৃষক সংগঠনৰ অনুৰোধ খাৰিজ কৰিছোঁ৷ দিল্লী সীমান্তত ব্যাপকসংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে৷ বলপূর্বক দিল্লীত প্রৱেশৰ চেষ্টা কৰিলে বাধা প্রদান কৰা হ’ব৷ প্রতিবাদকাৰী কৃষকসকলক আটক কৰিবলৈ ৯খন ষ্টেডিয়ামক অস্থায়ী কাৰাগাৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে দিল্লী আৰক্ষীয়ে অৰবিন্দ কেজৰিৱাল চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল৷ অৱশ্যে চৰকাৰে দিল্লী আৰক্ষীক এই অনুমতি নিদিলে৷ ইয়াৰ মাজতে আজি পুৱাৰ ভাগত ছিংঘুত আৰক্ষী–প্রতিবাদকাৰী কৃষকৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ বিক্ষোভকাৰী কৃষকসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছ৷ সেইদৰে টিক্ৰিৰ সমীপৱর্তী দিল্লী–বাহাদুৰপুৰ ৰাষ্ট্রীয় ঘাইপথৰ মাজত আৰক্ষীয়ে কৃষকসকলক বাধা প্রদানৰ উদ্দেশ্যে কেইবাখনো ট্রাক ৰখাই থৈছিল৷ কিন্তু কৃষকসকলে ট্রেক্টৰেৰে সেই ট্রাকসমূহ আঁতৰোৱাৰ চেষ্টা কৰে৷ ইয়াক কেন্দ্র কৰি আৰক্ষী আৰু কৃষকৰ মাজত হতাহতি লাগে৷ ইয়াৰ পাছতে আৰক্ষীয়ে পানীহিলৈ আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে প্রতিবাদকাৰী কৃষকৰ ওপৰত লাঠীচালনাও কৰে৷ কৃষক বিদ্রোহৰ পৰিণতিত আজি দিল্লী–গুৰগাঁৱত ব্যাপক যান–জঁটৰ সৃষ্টি হয়৷ তদুপৰি দিল্লী মেট্র’ ৰে’ল কর্প’ৰেচনে সীমান্তৱর্তী মেট্র’ ষ্টেচনসমূহ বন্ধ কৰি দিয়ে৷ উত্তপ্ত পৰিস্থিতিৰ মাজতে দুপৰীয়াৰ ভাগত দিল্লী আৰক্ষীয়ে নৰম স্থিতি গ্রহণ কৰি প্রতিবাদকাৰী কৃষকসকলক দেশৰ ৰাজধানীত প্রৱেশৰ অনুমতি দিয়ে৷ অনুমতি লাভৰ পাছত টিক্ৰিৰ দিশেৰে প্রায় ৫ হাজাৰ কৃষক দিল্লীত প্রৱেশ কৰা বুলি সংবাদ মাধ্যমৰ আগত দাবী কৰিছে অল ইণ্ডিয়া কিষাণ সংঘর্ষ কো–র্ডিনেচন কমিটীৰ আহ্বায়ক মনদ্বীপ নাথোৱানে৷ লক্ষণীয়ভাৱে পঞ্জাবৰ পৰা ৰাওনা হোৱা হাজাৰ হাজাৰ কৃষকৰ দলত বহুসংখ্যক মহিলা থকাও পৰিলক্ষিত হৈছিল৷ ইফালে, দিল্লীত প্রতিবাদকাৰী কৃষকসকলক প্রৱেশৰ বাবে অনুমতি দিয়াৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে পঞ্জাবৰ মুখ্যমন্ত্রী কেপ্ঢেইন অমৰিন্দৰ সিঙে৷ এক টুইটত তেওঁ কয়– কৃষকসকলক প্রতিবাদী কার্যসূচী ৰূপায়ণৰ গণতান্ত্রিক অধিকাৰ দিয়াৰ বাবে কেন্দ্রই গ্রহণ কৰা সিদ্ধান্তক স্বাগতম জনাইছোঁ৷ এটা সমাধানৰ পথ উলিয়াবলৈ কৃষি আইনক লৈ কেন্দ্রই কৃষকসকলৰ সৈতে আলোচনাত বহা উচিত৷