নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ তিনি কৃষি আইন বাতিলৰ দাবীত অটল থকা প্রতিবাদী কৃষক সংগঠনেৰে বাৰেবাৰে বিফল হৈছে কেন্দ্ৰৰ আলোচনা। আন্দোলনকাৰী কৃষকে প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৃষি আইন বাতিলৰ দাবী কৰি থকাৰ পাছতো কৃষি আইন বাতিল কৰাটো দূৰৰে কথা, বিক্ষোভকাৰী কৃষকসকলৰ সৈতে দেখা কৰা নাই প্ৰধানমন্ত্ৰীয়ে। যাৰ বাবে এইবাৰ মোদীৰ মাতৃৰ দ্বাৰস্থ হ’ল এজন বিক্ষোভৰত কৃষক।
প্রধানমন্ত্রীৰ মাতৃৰ কাষত হৰপ্রীত সিং নামৰ এই কৃষকজনৰ অনুৰোধ, তেওঁ যেন নিজৰ পুত্ৰ মোদীক বুজাই কৃষি আইন বাতিল কৰাৰ নির্দেশ দিয়ে।
পাঞ্জাবৰ ফিৰোজপুৰ জিলাৰ এই কৃষকজনে নিজৰ চিঠিত লিখিছে, “একমাত্র মাতৃয়েহে নিজৰ সন্তানক উপযুক্ত শিক্ষা দিব পাৰে।”
হীৰাবেন মোদীৰ কাষত এই কৃষকজনৰ অনুৰোধ, “দয়া কৰি আপোনাৰ পুত্ৰক বুজাওক। এই আইন বাতিল হ’লে সমগ্ৰ ভাৰতেই লাভান্বিত হ’ব।”
আবেগেৰে ভৰা এই চিঠিত কৃষকজনে পুনৰ লিখেছে, “খুব কষ্টৰে আপোনাকে চিঠি লিখিছো। আপুনি জানে যে দেশৰ জনসাধাৰণক আহাৰ দিয়া আমাৰ অন্নদাতাসকল এতিয়া সমস্যাত আছে। দিল্লীৰ এই ঠাণ্ডাকো উপেক্ষা কৰি ৯০-৯৫ বছৰীয়া বৃদ্ধৰ পৰা আৰম্ভ কৰি শিশুলৈকে সকলোৱে আন্দোলনত অংশ লৈছে। বহুলোক ইতিমধ্যে শ্বহীদো হৈছে। কিন্তু এতিয়াও শান্তিপূর্ণভাবেই এই বিক্ষোভ চলি আছে। আমি এই আইনৰ কোনো সংশোধনী বিচৰা নাই। আমি বিচাৰিছো এই আইন বাতিল হওক।”
ইপিনে শেষৰ ফালে এই চিঠিত তেওঁ লিখিছে, “আমাৰ বিশ্বাস, আপুনি ক’লে নিশ্চয় আপোনাৰ পুত্ৰই এই আইন বাতিল কৰিব।”