যৌতুক নহয়, ন-বোৱাৰীক অনন্য উপহাৰ শহুৰৰ
বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ এতিয়াও যিখন সমাজত গোপনে হ’লেও যৌতুক লোৱা প্ৰথা চলি আছে, তেনে সমাজত এখন ব্য়তিক্ৰমী বিবাহে সংবাদ শিৰোণাম দখল কৰিছে। ৰাজস্থানৰ ছিকৰ জিলাৰ নিমকাথান এলেকাত পুত্ৰৰ বিবাহত যৌতুক লোৱাৰ বিপৰীতে দৰাৰ পিতৃয়ে কইনাক ওলোটাই দিয়া উপহাৰে সকলোকে আচৰিত কৰিলে আৰু ভূয়সী প্ৰশংসা বুটলিলে। জানিব পৰা মতে, অৰ্জুনলাল চন্দেলিয়াৰ কণিষ্ঠ পুত্ৰ বিকাশৰ বিয়া যোৱা ১৮ ফেব্ৰুৱাৰীত নিৰমা নামৰ শিক্ষয়িত্ৰী এগৰাকীৰ সৈতে সম্পন্ন হয়। অৰ্জুনলাল চন্দেলিয়া ভাৰতীয় সেনা বাহিনীৰ সন্মানীয় কেপ্টেইন হিচাপে অৱসৰ লৈছে। তেওঁৰ কণিষ্ঠ পুত্ৰ বিকাশো ভাৰতীয় সেনা জোৱান হিচাপে জম্মু-কাশ্মীৰত নিয়োজিত। অৰ্জুনলাল চন্দেলিয়াই বিয়াত এটকাৰো যৌতুক নোলোৱাকৈ সমাজলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। তাৰ বিপৰীতে ঘৰলৈ অহা কইনাক উপহাৰত ১৪ লাখ টকীয়া বিলাসী গাড়ী এখন উপহাৰ হিচাপে দি সকলোকে চমক দিয়াৰ লগতে এক বাৰ্তাও দিবলৈ চেষ্টা কৰে।