নিয়মীয়া বাৰ্তা ২০ জানুৱাৰীঃ গুজৰাটৰ ছুৰাটৰ পদপথত শুই থকা শ্রমিকক এখন ট্রাকে মহটিয়াই নিয়া ঘটনাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কালি নিচেই পুৱা সংঘটিত হৈছে এই শোকাৱহ ঘটনা৷ এই দুর্ঘটনাটোত প্রাণ হেৰুৱাইছে ১৫জন শ্রমিকে৷ ইয়াৰ উপৰি গুৰুতৰভাৱে আহত হৈছে আন ৬জন৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি ছুৰাটৰ কোছাম্বাত সংঘটিত হৈছে এই শোকাৱহ দুর্ঘটনা৷ ৰাজস্থানৰ বানছৱাৰা জিলাৰ পৰা আহি ছুৰাটত দিন মজুৰ হিচাপে নিয়োজিত হৈ আছিল এই লোকসকল৷
আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি পুৱাৰ ভাগতে দ্রুতবেগী ট্রাক এখনে আহি বিপৰীত দিশৰ পৰা কুঁহিয়াৰ কঢ়িয়াই অনা ট্রেক্টৰ এখনত খুন্দা মাৰে৷ ইয়াৰ পাছতে নিয়ন্ত্রণহীন ট্রাকখনৰ চকা পদপথত উঠি যায়৷ তেতিয়াই পদপথত শুই থকা শ্রমিককেইজনৰ মৃত্যু হয়৷ এই দুর্ঘটনাৰ পাছতে গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প্রধানমন্ত্রীগৰাকীয়্ নিহত শ্রমিকসকলৰ প্রতিজনৰ পৰিয়াললৈ এককালীন সাহায্য হিচাপে ২ লাখ টকাকৈ ঘোষণা কৰিছে৷