সুশান্তৰ মৃত্যুৰ কাৰণ কি?… ওলাল ফাইনেল মৰণোত্তৰ ৰিপ’ৰ্ট
নিয়মীয়া বাৰ্তা, ২৫ জুনঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ উকৎণ্ঠা, তীব্ৰ বাদানুবাদ চলি থকাৰ মাজতে অৱেশষত আহিল ফাইনেল পোষ্টমৰ্টেম ৰিপ’ৰ্ট। হয়, অভিনেতাগৰাকীৰ মৃত্যু ৰহস্য উদঘাটন কৰা এই প্ৰতিবেদন অনুসৰিও সুশান্তই আত্মহত্যা কৰাটোৱে নিশ্চিত হ’ল।
মুম্বাই আৰক্ষীয়ে প্ৰথমে এয়া আত্মাহত্যা বোলাৰ লগতে প্ৰথম মৰণোত্তৰ পৰীক্ষাৰ সময়তো এয়া আত্মহত্যা বুলিয়েই প্ৰতিবেদনে দাখিল কৰা হৈছিল যদিও কিছু সন্দেহ থাকি গৈছিল দুৰ্ঘটনাটোক লৈ।
আজি মুম্বাই আৰক্ষীক মৰণোত্তৰৰ ফাইনেল প্ৰতিবেদন দাখিল কৰা হয়। ৫গৰাকী চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত প্ৰতিবেদনত স্বাক্ষৰ কৰি আৰক্ষীক দিয়ে। মৃত্যুৰ কাৰণ ‘শ্বাসাঘাত’ বুলি উল্লেখ কৰাৰ লগতে মৃত্যুৰ পূৰ্বে কোনোধৰণৰ সংগ্ৰাম কৰাৰ চিন তেওঁৰ নখত বিচাৰি পোৱা নগ’ল বুলি লিপিবদ্ধ আছে প্ৰতিবেদনত।
উল্লেখ্য, মুম্বাই আৰক্ষী এতিয়া সুশান্তৰ দেহৰ আভ্যন্তৰীণ কিছু তন্ত্ৰৰ ৰাসায়নিক পৰীক্ষাৰ প্ৰতিবেদনলৈ বাট চাই ৰৈছে। ইতিমধ্যে ২২গৰাকী লোকক এই প্ৰসংগত সোধা-পোছা কৰা হৈছে। উল্লেখ্য, ১৪ জুনত মুম্বাইৰ বান্দ্ৰাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল অভিনেতাগৰাকীক।