ক’ভিড-১৯ত আক্রান্তৰ বাবে প্ৰথমটো নজেল স্প্ৰে’ মুকলি
মুম্বাইৰ উদ্ভাৱন-চালিত গ্লোবেল ফার্মা কোম্পানী গ্লেনমার্কে ক’ভিড-১৯ত আক্রান্ত প্রাপ্তবয়স্ক ৰোগীৰ চিকিৎসাৰ বাবে ছেনোটাইজৰ নামৰ কোম্পানীটোৰ সহযোগত নাইট্রিক অক্সাইড নজেল স্প্রে’ (ফেবিস্প্রে’) মুকলি কৰিছে। নাইট্রিক অক্সাইড নজেল স্প্রে’ৰ বাবে গ্লেনমার্কে ভাৰতৰ দৰৱ নিয়ন্ত্রক, ড্রাগছ কন্ট্র’লাৰ জেনেৰেলৰ পৰা উৎপাদন আৰু বিপণনৰ অনুমোদনো পাইছে। নাইট্রিক অক্সাইড নজেল স্প্রে’ ক’ভিড-১৯ ৰোগীসকলৰ মাজত নিৰাপদ। কোম্পানী কৰ্তৃপক্ষৰ দাবী যে নাইট্রিক অক্সাইড নজেল স্প্রে’ ভাইৰাছৰ বিৰুদ্ধে শাৰীৰিক তথা ৰাসায়নিক বাধা হিচাবে কাম কৰে।