নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: সুন্দৰবনত মাছমৰীয়াৰ জালত পৰিল ৭৮ কিলোগ্রাম ওজনৰ এটা তেলিয়া ভোলা মাছ৷ এই মাছটোৰ বজাৰত মূল্য উঠিল ৩৭ লাখ টকা৷ বিক্রীৰ সময়ত বজাৰত বিৰ দি বাট নোপোৱা মানুহৰ ভিৰ৷ অৱশেষত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলগীয়া হয়৷
শুকুৰবাৰে দক্ষিণ ২৪ পৰগণাৰ পাঁচজন মৎস্যজীৱীয়ে মাছ চিকাৰ কৰিবলৈ গৈছিল৷ তেতিয়াই ৭৮ কিলো ৪০০ গ্রাম ওজনৰ এই মাছটো জালত উঠে৷ শনিবাৰে সন্ধ্যা কানিঙৰ বজাৰলৈ মাছটো বিক্রী কৰিবলৈ আনে মৎস্যজীৱীকেইজনে৷ কানিঙৰ বজাৰত ইয়াৰ পূর্বে ইমান প্রকাণ্ড তেলিয়া ভোলা মাছ ওলোৱা নাছিল৷ ঔষধ প্রস্তুতৰ বাবে বিদেশৰ বজাৰত অভাৱনীয় মূল্যত বিক্রী হয় এই মাছ৷ মাছবিধৰ প্রতিটো অংগৰ আছে মূল্য৷ ৩৭,৫৩,৮১১ টকাত এই মাছটো বিক্রী হয়৷
লক্ষণীয়ভাৱে এটা মাছৰ মূল্যই ৩৭ লাখ টকা অতিক্রম কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ইয়াক লৈ সৃষ্টি হৈছে জ্বৰ৷ তেলিয়া ভোলা মাছ সাধাৰণতে নদী আৰু সাগৰৰ সংগমস্থলত পোৱা যায়৷ ইয়াৰ পূর্বে বাংলাদেশ তথা পশ্চিমবংগৰ বিভিন্ন স্থানত বিশাল আকাৰৰ তেলিয়া ভোলা মাছ জালত উঠিছিল যদিও ইমান মূল্যত বিক্রী হোৱা নাছিল৷