লালুৰ ভাগ্যত আকৌ জেলৰ ভাত, ৫বছৰৰ কাৰাদণ্ড
বিশেষ বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ পশুখাদ্য কেলেংকাৰি গোচৰত পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হ’ল আৰজেডিৰ প্রধান লালু প্রসাদ যাদৱক। সোমবাৰে চিবিআইৰ আদালতে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রীজনক এই শাস্তি বিহিছে। লগতে ৬০ লাখ টকাৰ জৰিমনাও বিহা হৈছে লালুক। পশুখাদ্য কেলেংকাৰি ঘটনাত লালুৰ বিৰুদ্ধে এইটো আছিল পঞ্চম তথা চূড়ান্ত গোচৰ। এই গোচৰত লালুৰ বিৰুদ্ধে ১৩৯ কোটি ৩৫ লাখ টকা অনিয়ম কৰাৰ অভিযোগ আছিল। বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রীসহ ৭৫ জনক এই গোচৰত দোষী সাৱ্যস্ত কৰিছিল চিবিআইৰ বিশেষ আদালতে। সোমবাৰে শাস্তি ঘোষণা কৰা হয়। উল্লেখ্য যে, ইয়াৰ আগেয়ে পশুখাদ্য সংক্রান্তীয় চাৰিটা গোচৰত ১৪ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল লালু প্ৰসাদ যাদৱক। অৱশ্যে তেওঁ শাৰীৰিক অসুস্থতাৰ বাবে জামিনত আছিল।