নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইনত এচিড বিক্রীঃ ফ্লিপকার্ট–আমাজনলৈ জাননী দিল্লী মহিলা আয়োগৰ

নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ: অনলাইনত এচিড বিক্রী কৰাৰ বাবে অনলাইন শ্ব’পিং প্লেটফর্ম ফ্লিপকার্ট আৰু আমাজনলৈ জাননী জাৰি কৰিছে দিল্লী মহিলা আয়োগে৷ ৰাজধানী দিল্লীৰ দ্বাৰকাত বিদ্যালয়ৰ ছাত্রী এজনীক দুর্বৃত্তই এচিডেৰে আক্রমণ কৰাৰ ভয়াৱহ ঘটনাৰ পাছতে দিল্লী মহিলা আয়োগে ফ্লিপকার্ট–আমাজনলৈ জাননী জাৰি কৰিছে৷ বজাৰত এচিড বিক্রী নিষিদ্ধ যদিও অনলাইনযোগে এচিড বিক্রী হৈ আছে আৰু অনলাইনযোগে এচিড ক্রয় কৰিয়েই বাইক আৰোহী দুর্বৃত্তই বিদ্যালয়ৰ ছাত্রীক এচিডেৰে আক্রমণ চলাইছিল৷ দিল্লী মহিলা আয়োগে প্রকাশ কৰা মতে, ফ্লিপকার্টযোগে এচিড ক্রয় কৰিছিল৷ আমাজন আৰু ফ্লিপকার্টে এচিড বিক্রী কৰাটো বে–আইনী৷ জাননী জাৰি কৰি মহিলা আয়োগে ২০ ডিচেম্বৰৰ ভিতৰত দুয়োটা অনলাইন কোম্পানীৰ বিভাগীয় কর্তৃপক্ষক স্পষ্টীকৰণ দিবলৈ নির্দেশ দিছে৷

You might also like