পাঁচ বছৰলৈ বৃদ্ধি কৰিব পাৰিব চিবিআই–এনফ’ৰ্চমেণ্ট সঞ্চালকৰ কার্যকাল
কেন্দ্রৰ দুখন নতুন বিধেয়কত স্বাক্ষৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ
নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ চি বি আই আৰু এনফ’ৰ্চমেণ্টৰ সঞ্চালকালয়ৰ মুৰব্বীৰ কার্যকাল এতিয়াৰে পৰা পাঁচ বছৰলৈ বৃদ্ধি কৰিব পাৰিব কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে অনা দুখন বিধেয়কত স্বাক্ষৰ কৰিছে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ বর্তমান এই দুটা কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ মুৰব্বীৰ কার্যকাল হৈছে দুবছৰ৷ এই দুবছৰ কার্যকাল সম্পূর্ণ কৰাৰ পিছত পুনৰ তিনি বছৰলৈ চৰকাৰে বৃদ্ধি কৰিব পাৰিব৷
উল্লেখ্য যে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় হৈছে বিত্ত মন্ত্রালয়ৰ অধীনস্থ ৰাজহ বিভাগৰ এটা বিত্তীয় তদন্তকাৰী সংস্থা৷ বিশেষকৈ বৈদেশিক লেনদেনৰ নিয়ম ভংগ আৰু ধনৰ অপব্যৱহাৰ সন্দর্ভত এই সঞ্চালকালয়ে তদন্ত কৰি আহিছে৷ উল্লেখ্য যে চৰকাৰে অনা এই সংশোধনীৰ দ্বাৰা ইডিৰ সঞ্চালক সঞ্জয় মিশ্র আৰু চি বি আইৰ সঞ্চালক সুবোধ জয়ছোৱালৰ কার্যকাল পুনৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে৷ অহা ১৯ নৱেম্বৰত এনফ’চমেণ্ট সঞ্চালকজনৰ কার্যকালৰ অন্ত পৰিব, যদিহে তেওঁৰ কার্যকাল পুনৰ বৃদ্ধি কৰা নহয়৷
উল্লেখ্য যে বিগত বর্ষৰ ছেপ্টেম্বৰত মাহত মিশ্রৰ কার্যকাল পুনৰ বৃদ্ধিত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে৷ সেই সময়ত উচ্চতম ন্যায়ালয়ে তেওঁৰ কার্যকাল পুনৰ বৃদ্ধি কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে৷ উচ্চতম ন্যায়ালয়ে মত পোষণ কৰিছে যে এনে ধৰণৰ উচ্চ পদত অধিষ্ঠিত বিষয়াসকলৰ কার্যকাল বিৰল পৰিৱেশতহে পুনৰ বৃদ্ধি কৰিব পৰা যায়৷ ইপিনে, দেশৰ মুখ্য ন্যায়াধীশ, প্রধানমন্ত্রী, বিৰোধী দলপতিৰে গঠিত এখন সমিতিয়ে চি বি আইৰ সঞ্চালক নিয়োগ কৰিব পাৰে৷ এই চি বি আইৰ সঞ্চালকৰ কার্যকাল অন্ত পৰাৰ পিছত পুনৰ বৃদ্ধিৰ বাবেও এই কমিটীখনৰ অনুমতিৰ প্রয়োজন৷ অৱশ্যে নতুনকৈ গৃহীত কৰা এই বিধেয়কৰ জৰিয়তে দুয়োটা কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাৰ মুৰব্বীৰ কার্যকাল পুনৰ আন তিনি বছৰৰ বাবে বৃদ্ধি কৰাৰ প্রক্রিয়া সহজ হ’ব বুলি আশা কৰা হৈছে৷