নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রতিৰোধৰ বাবে ভাৰতে কেইসপ্তাহমানৰ বাবে ঘোষণা কৰক সম্পূর্ণ লকডাউন

নিয়মীয়া বাৰ্তা ২ মেঃ  ভাৰতত চলি থকা ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰ সন্দর্ভত উদ্বেগ প্রকাশ কৰি আমেৰিকাৰ শীর্ষ মহামাৰী বিশেষজ্ঞ ডাঃ এণ্টনী ফাউচিয়ে শীঘ্রে দেশখনত সম্পূর্ণ লকডাউন আৰোপ কৰা প্রয়োজন বুলি ঘোষণা কৰিছে৷ ডাঃ ফাউচি হৈছে ক’ৰোনা ভাইৰাছ মহামাৰী সন্দর্ভত বিশ্বত সজাগতা সৃষ্টিত অৰিহণা যোগোৱা অন্যতম চিকিৎসা বিশেষজ্ঞ৷ ক’ভিড মহামাৰীৰ ভয়াৱহ সংক্রমণৰ পৰা ভাৰতে পৰিত্রাণ পাবলৈ হ’লে কেইসপ্তাহমানৰ বাবে সম্পূর্ণ লকডাউন ঘোষণা কৰাৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰিছে বিজ্ঞানীগৰাকীয়ে৷

ইণ্ডিয়ান এক্সপ্রেছৰ সৈতে হোৱা বার্তালাপত ফাউচিয়ে উল্লেখ কৰে যে ক’ভিড সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত যোৱা বছৰ চীনে সকলো প্রতিষ্ঠান বন্ধ কৰি দি এক নজিৰ সৃষ্টি কৰিছিল৷ সেই বাবে ক’ভিডৰ সংক্রমণ প্রতিৰোধত চীন সফল হৈছে বুলি উল্লেখ কৰিছে বিজ্ঞানীগৰাকীয়ে৷ ফাউচিৰ মতে অস্থায়ীভাৱে ভাৰতত সকলো প্রতিষ্ঠান বন্ধ হ’ব লাগিব৷ ক’ভিড মহামাৰীত বর্তমান যি দ্বিতীয় জোৱাৰ দেশখনত চলি আছে, তাক প্রতিৰোধ কৰাৰ এয়া এক অন্যতম উপায় বুলিও অভিহিত কৰিছে আমেৰিকাৰ চিকিৎসা বিজ্ঞানীগৰাকীয়ে৷

বর্তমান ভাৰত অতি সংকটত পৰা বুলি উল্লেখ কৰি ফাউচিয়ে এই মন্তব্যও কৰিছে যে তাৎক্ষণিকভাৱে লকডাউনৰ সিদ্ধান্ত গ্রহণ নকৰিলে পৰিস্থিতি অধিক জটিল হৈ পৰিব পাৰে৷ বাইডেন প্রশাসনৰ মুখ্য চিকিৎসা উপদেষ্টা ফাউচিয়ে ক’ভিড মহামাৰী সন্দর্ভত বিগত এবছৰতকৈ অধিক কাল ধৰি আগবঢ়াই অহা মন্তব্যৰে তেওঁ বিশ্বৰ জনসাধাৰণৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে৷

ছমাহৰ বাবে লকডাউন জাৰি কৰাৰ বিপৰীতে ভাৰতে মাত্র কেইটামান সপ্তাহৰ বাবে সম্পূর্ণ লকডাউন পালন কৰিলে সংক্রমণৰ প্রকোপ যথেষ্ট হ্রাস পাব পাৰে বুলি উল্লেখ কৰিছে মহামাৰী বিশেষজ্ঞগৰাকীয়ে৷ ইফালে দেশৰ এই দুর্যোগৰ সময়ত আমেৰিকাৰ চিকিৎসা বিজ্ঞানীগৰাকীয়ে ভাৰত চৰকাৰক বিশেষজ্ঞ চিকিৎসকসকলৰ সৈতে সংঘবদ্ধ হৈ থাকিবলৈ আহ্বান জনাইছে, যাতে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্রত প্রতি মুহূর্ততে যথাযথ পৰামর্শ বিশেষজ্ঞসকলে আগবঢ়াব পাৰে৷ লক্ষণীয়ভাৱে ভাৰতৰ হাস্পতালত অক্সিজেনৰ নাটনি হোৱা বিষয়টোক লৈ আশ্চর্য প্রকাশ কৰিছে ফাউচিয়ে৷

You might also like