শ্ল’ভাকিয়াত অভিলেখঃ প্রথমবাৰলৈ আকাশত ৩৫ মিনিট উৰিল অত্যাধুনিক এয়াৰ কাৰ
তিনি মিনিটৰ ভিতৰতে আকাশী যানৰ পৰা গাড়ীলৈ হয় ৰূপান্তৰঃ আৱিষ্কাৰক তথা অধ্যাপক ষ্টিফান ক্লেইন–এণ্টন জাজাকৰ কৃতিত্ব
নিয়মীয়া বাৰ্তা ২ জুলাইঃ কল্প বিজ্ঞানৰ উৰণীয়া গাড়ী বাস্তৱ হোৱাৰ দিশে৷ ক’ৰোনা কালৰ মাজতে ত্রাসিত জীৱশ্রেষ্ঠ মানৱৰ বাবে এক আশাব্যঞ্জক খবৰ৷ এখন বাহনেৰে আকাশী মার্গেৰে উৰি আহি পিছলৈ সেই বাহনখনেৰে স্থলপথেৰে নিজৰ গন্তব্য স্থানত উপনীত হোৱাৰ ঐতিহাসিক ক্ষণ নিচেই কাষ চাপিছে৷ দশক দশক ধৰি চর্চিত উৰণীয়া গাড়ী তথা এয়াৰ কাৰৰ যাত্রাৰ প্রায় সফল পৰীক্ষণ হৈ যায়৷ এই ঐতিহাসিক ক্ষণটিৰ সাক্ষী হ’ল শ্ল’ভাকিয়া৷ দেশখনৰ আকাশত প্রথমবাৰৰ বাবে ১৫ মিনিট উৰিল আন্তঃচহৰ উৰণীয়া গাড়ী৷ দেশখনৰ নিট্টাৰ আন্তর্জাতিক বিমানবন্দৰৰ পৰা ৰাজধানী ব্রাটিস্লাভালৈ এয়াৰ কাৰ তথা উৰণীয়া গাড়ীৰে ৩৫ মিনিট সুকলমে উৰণ সম্পন্ন কৰে আৰু বিমানবন্দৰত অৱতৰণৰ তিনি মিনিট পাছতেই আকাশী যানখন গাড়ীলৈ ৰূপান্তৰ কৰা হয়৷
এয়াৰ কাৰখনৰ আৱিষ্কাৰক তথা অধ্যাপক ষ্টিফান ক্লেইন আৰু সহঃ প্রতিষ্ঠাতা এণ্টন জাজাকে এই ঐতিহাসিক সফলতাৰ গৰাকী হয়৷ নিট্টাৰ পৰা ব্রাটিস্লাভালৈ আকাশী যান হৈ উৰা মাৰে আৰু ব্রাটিস্লাভাত অৱতৰণ কৰি বুটাম টিপি মাত্র তিনি মিনিটতে স্প’টছ কাৰলৈ ৰূপান্তৰিত কৰি স্থলপথেৰে ভ্রমণ কৰে৷ এয়াৰ কাৰ প্র’ট’টাইপ–১ ফিক্সড প্র’পেলাৰ আৰু বেলিষ্টিক পেৰাচ্যুটৰ সৈতে ১৬০ হর্ছ পাৱাৰ বি এম ডব্লিউ ইঞ্জিন৷ ৮২০০ ফুট উচ্চতালৈ উৰিব পৰা এই এয়াৰ কাৰখনৰ সর্বোচ্চ গতিবেগ প্রতি ঘণ্টাত ১৯০ কিলোমিটাৰ৷
দেশখনৰ অসামৰিক বিমান কর্তৃপক্ষৰ নিৰীক্ষণত এয়াৰ কাৰখনে ইতিমধ্যে ৪০ ঘণ্টাৰ পৰীক্ষণ উৰণ কৰাৰ পাছত আন্তঃচহৰত প্রথমবাৰ উৰণ পৰীক্ষণ চলোৱা হয়৷ উৰণীয়া গাড়ীৰ প্রথম উৰণ সফল হোৱাৰ পাছত বোয়িং কোম্পানীৰ জ্যেষ্ঠ কাৰিকৰী বিশেষজ্ঞ ড০ ব্রানকো ছাৰে কয়– স্থলপথ বাহনৰ পৰা এখন আকাশী যানলৈ, আকাশী যানৰ পৰা স্থলপথৰ বাহনলৈ স্বয়ংক্রিয় ৰূপান্তৰ, পাখি মেলি দিয়া আৰু পাখি সংকোচন কৰোৱা ই কেৱল অতি উৎসুকতা, উদ্ভাৱনী উদ্যম আৰু সাহসেই নহয়, ই হৈছে দক্ষ অভিযান্ত্রিক আৰু পেছাগত জ্ঞানৰ নিদর্শন৷ উৰণীয়া গাড়ীৰ উদ্ভাৱনে মানৱ জাতিক আন এক উত্তৰণৰ দিশে আগবঢ়াই নিয়াটো নিশ্চিত৷