বস্ত্র উদ্যোগলৈ মহাসংকটঃ নতুন বছৰত চাকৰি হেৰুৱাব ১৫ লাখে
পহিলা জানুৱাৰীৰ পৰা বৃদ্ধি পাব জিএছটি
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ঘাতক ক’ভিড–১৯ৰ ক’লীয়া ডাৱৰৰ মাজতে দুৱাৰডলিত ইংৰাজী নৱবর্ষ ২০২২৷ এই নৱবর্ষক লৈ আশাৰ ৰেঙনিৰ মাজতে দেশৰ বস্ত্র আৰু হস্ততাঁত উদ্যোগলৈ মহাসংকট নামি অহাৰ ইংগিত দেখা গৈছে৷ ১ জানুৱাৰীৰ পৰাই বস্ত্র আৰু হস্ততাঁত সামগ্রী আৰু জোতা–চেণ্ডেলৰ জি এছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত কার্যকৰী হ’ব৷ ক’ৰোনাপিষ্ট বস্ত্র আৰু হস্ততাঁত উদ্যোগে সংকটৰ পৰা উদ্ধাৰ নৌপাওঁতেই পুনৰ ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰা কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তই এই উদ্যোগটোকে মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ শংকা ঘনীভূত হৈছে৷ জি এছ টি কাউন্সিলৰ অনুমোদনমর্মে চেণ্ড্রেল ব’ড অৱ ইনডাইৰেক টেক্সেছ এণ্ড কাষ্টমছ (চিবিআইচি)–এ ১ জানুৱাৰীৰ পৰা গার্মেণ্টছ, টেক্সটাইল আৰু ফুটৱেৰৰ জি এছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ১ জানুৱাৰীৰ পৰা বলৱৎ হোৱাৰ লগে লগে এই উদ্যোগৰ লগত প্রত্যক্ষভাৱে আৰু আনুষংগিকভাৱে জড়িত ১৫ লাখতকৈ অধিক লোকে সংস্থাপন হেৰুৱাব৷
৮৫ শতাংশতকৈ অধিক উদ্যোগত নেতিবাচক প্রভাৱ পৰাৰ লগতে ৮০ শতাংশ উৎপাদিত সামগ্রীটো প্রভাৱ পৰিব৷ প্রধানতঃ ক্ষুদ্র, লঘু আৰু মজলীয়া বস্ত্র উদ্যোগত অধিক প্রভাৱ পৰিব৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী দলৰ লগতে উদ্যোগটোৰ লগত জড়িতসকলে প্রতিবাদ কৰিলেও কেন্দ্রীয় চৰকাৰে নিজৰ সিদ্ধান্তত অটল হৈ থকাত ১ জানুৱাৰীৰ পৰা দেশৰ এই উদ্যোগসমূহো মহাসংকটত পৰাটো প্রায় নিশ্চিত৷ ক’ভিড–১৯ দ্বিতীয় জোৱাৰৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰে অর্থনীতিত পৰা বিৰূপ প্রভাৱৰ পৰিপ্রেক্ষিতত ৰাজহ সংগ্রহৰ প্রতি লক্ষ্য ৰাখি বস্ত্র আৰু হস্ততাঁত উদ্যোগত জি এছ টিৰ হাৰ বৃদ্ধিৰ সিদ্ধান্তই দেশৰ এই উদ্যোগত পৰোক্ষ আৰু প্রত্যক্ষভাৱে জড়িত অনেক লোকৰ সংস্থাপনৰ প্রতি ভাবুকি কঢ়িয়াই আনিব৷ জি এছ টি বৃদ্ধি কৰাৰ পৰিপ্রেক্ষিতত হস্ততাঁত শিপিনীৰ জীৱিকাৰ প্রতিও ভাবুকি অহাৰ পূর্ণ সম্ভাৱনা আছে৷ ক’ৰোনাপিষ্ট বস্ত্র উদ্যোগে ধীৰে ধীৰে উজ্জীৱিত হ’বলৈ আগবাঢ়ি থকাৰ সময়তে কেন্দ্রীয় চৰকাৰৰ জি এছ টি বর্ধিত সিদ্ধান্ত উদ্যোগটোৰ বাবে ক্ষতিকাৰক হ’ব বুলি বিশেষজ্ঞসকলে স্পষ্টভাৱে প্রকাশ কৰিছে৷
মন কৰিবলগীয়া যে কেঁচা সামগ্রীৰ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত বিগত বর্ষটোত সাজ–পোছাকৰ মূল্য, সূতাৰ মূল্য ৭০ শতাংশ বৃদ্ধি পাইছিল৷ এনে সময়তে পুনৰ মূল্যবৃদ্ধিয়ে গ্রাহকৰ ওপৰত মাধমাৰ শোধাব আৰু গ্রাহকে এনে সামগ্রী কিনাৰ পৰা আঁতৰি গৈ আন কম মূল্যৰ তথা নিম্নমানৰ সামগ্রী ক্রয়ৰ প্রতি আগ্রহী হ’ব৷ বস্ত্র ব্যৱসায়ীয়ে প্রকাশ কৰা মতে, বর্তমানৰ ৫ শতাংশ জি এছ টিয়ে গ্রাহকৰ পৰা ১,৫০০ কোটি টকা সংগ্রহ কৰি আছে যিটো পৰৱর্তী সময়ত ৩,৬০০ কোটি বৃদ্ধি পাব৷ কিন্তু ৫ শতাংশৰ পৰা ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰিলে গ্রাহকৰ ওপৰত অতিৰিক্ত বোজা ২,১০০ কোটি টকা হ’ব৷ ২০২২ বর্ষৰ পহিলা জানুৱাৰীৰ পৰা নতুন জি এছ টিৰ হাৰ বলৱৎ হ’লেই গ্রাহকে অতিৰিক্ত ২,১০০ কোটি টকাৰ বোজা বহন কৰিব৷ মন কৰিবলগীয়া যে গেছলিন আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ পৰিপ্রেক্ষিতত পৰিবহণ ব্যয় ইতিমধ্যে বৃদ্ধি পাইছে৷ এনে সময়ত জি এছ টি বৃদ্ধিয়ে বস্ত্র, হস্ততাঁত আৰু ৰেডিমেড সাজ–পোছাকৰ ব্যৱসায়ত প্রচণ্ড মাধমাৰ শোধোৱাটো নিশ্চিত৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰৰ জি এছ টি বলৱতৰ সিদ্ধান্তক লৈ বস্ত্র ব্যৱসায়ী সন্থাই দেশজুৰি প্রতিবাদ আৰু আন্দোলন তীব্রতৰ কৰি তোলাৰ সম্ভাৱনা আছে৷