ইছলামৰ শত্রুৰ পৰা স্বাধীন কৰক কাশ্মীৰক
নিয়মীয়া বাৰ্তা ২ আগষ্টঃ ইছলামৰ শত্রুৰ পৰা কাশ্মীৰক স্বাধীন কৰক৷ আফগানিস্তান দখল কৰা সন্ত্রাসবাদী সংগঠন তালিবানক অভিনন্দন বার্তাৰে ভাৰতৰ বিৰুদ্ধে কাশ্মীৰত যুদ্ধ চলাবলৈ আহ্বান জনায় আল–কায়দাই৷ বিশ্বত্রাস জেহাদী সংগঠন আল–কায়দাই তালিবানক উচটনি দি ভাৰতক প্রত্যক্ষভাৱে ইছলামৰ শত্রু আখ্যা দিয়ে৷ ভাৰতৰ কাশ্মীৰক স্বাধীন কৰাৰ বাবে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠনক পূর্ণ সমর্থন দিবলৈ তালিবানক আল–কায়দাই আহ্বান জনাইছে৷ আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ সেনা প্রত্যাহাৰৰ পাছত তালিবানে বিজয় উৎসৱ পালন কৰাৰ কেইঘণ্টামান পাছতেই আল–কায়দাই পত্রযোগে তালিবানক অভিনন্দন জনায়৷ এই অভিনন্দন–পত্রত আল–কায়দাই প্রকাশ কৰে যে কাশ্মীৰ আৰু অন্য তথাকথিত ইছলামিক ক্ষেত্রক ইছলামৰ শত্রুৰ পৰা স্বাধীন কৰিব লাগে৷ আল–কায়দাই আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্রৰ সেনা প্রত্যাহাৰ কৰাটো তালিবানৰ বিজয় হিচাপে আখ্যা দি পত্রখনত উল্লেখ কৰে যে কাশ্মীৰৰ লগতে লিভেণ্ট, ছোমালিয়া, য়েমেন আদি অঞ্চলকো ইছলামৰ শত্রুৰ পৰা স্বাধীন কৰিব লাগে৷
পত্রখনত অভিনন্দন বার্তাত প্রকাশ কৰে যে আফগানিস্তানত আল্লাৰ দ্বাৰা হোৱা বিজয়ত ইছলামিক বিশ্বই তালিবানক অভিনন্দন জনাইছে৷ তালিবানক উচ্চ প্রশংসা কৰি আল–কায়দাই এইবুলিও কয় যে সর্বশক্তিমান আমেৰিকাক পৰাজিত কৰি দেশখনক লজ্জিত কৰিছে৷ আমেৰিকাৰ শক্তিশালী স্বীকৃতি গোলকীয় পর্যায়ত কলংকিত হৈছে৷ আফগানিস্তানত আমেৰিকাৰ পৰাজয়ক সর্বশক্তিমান আল্লাৰ দয়া বুলি কয় পত্রখনত৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে ইতিমধ্যে কাশ্মীৰত আক্রমণৰ বাবে তালিবানৰ সহায় বিচাৰিছে পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদে৷ কেন্দ্রীয় চৰকাৰৰ চোৰাংচোৱা সংস্থাৰ তথ্য মতে, পাকিস্তানৰ নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইচ–ই–মহম্মদ, এল ই টি, হিজবুল মুজাহিদীনকে ধৰি কেইবাটাও সন্ত্রাসবাদী সংগঠনৰ সদস্যই ভাৰতৰ জম্মু–কাশ্মীৰত আক্রমণৰ বাবে পাক অধিকৃত কাশ্মীৰত বাহৰ পাতিছে৷
পাকিস্তানৰ সন্ত্রাসবাদী সংগঠনে তালিবানৰ সহায়ত ভাৰতৰ কাশ্মীৰত ভয়াৱহ আক্রমণৰ ব্লুপ্রিণ্ট ৰচনা কৰাৰ সময়তে আল–কায়দাই তালিবানক ইছলামৰ শত্রু ভাৰতৰ পৰা কাশ্মীৰক স্বাধীন কৰাৰ বাবে আহ্বান জনোৱাটো নতুন দিল্লীৰ বাবে উদ্বিগ্ণতাৰ বিষয়৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্রই সেনা প্রত্যাহাৰ সম্পূর্ণ কৰাৰ পাছতে আফগানিস্তানৰ পথে পথে তালিবানৰ উল্লাস৷ কালি কাবুল বিমানবন্দৰত বিজয় উৎসৱ পালন কৰাৰ পাছত আজি তালিবানৰ শীর্ষ নেতাসকলে আমেৰিকাৰ বাহন, অস্ত্র–শস্ত্রসহ মার্কিন সেনাৰ পোছাক পৰিধান কৰি ৰাজপথত সমদল উলিয়ায়৷ পৰোক্ষভাৱে মার্কিন চৰকাৰক ভেঙুচালি কৰি দেশখনৰ অস্ত্র–শস্ত্র, বাহনৰ লগতে মার্কিন সেনাৰ ইউনিফর্ম পিন্ধি তালিবানৰ সদস্যসকলে ৰাজপথত হর্ষোল্লাস কৰে৷