ভাৰতত জানুৱাৰীৰ পৰা আৰম্ভ হ’ব পাৰে ক’ভিডৰ টিকাকৰণঃএছ আই আইৰ বিষয়ববীয়া পুনাৱালাৰ ঘোষণা
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ ভাৰতত ক’ভিড ১৯ৰ টিকাকৰণ আগন্তুক বর্ষৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব পাৰে৷ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ (এছ আই আই) মুখ্য কার্যবাহী বিষয়া (চি ই অ’) আদৰ পুনাৱালাই আজি সংবাদ মাধ্যমক জনাইছে এই কথা৷ এছ আই আয়ে ক’ভিড ভেকচিন প্রদানৰ বাবে এই মাহৰ শেষলৈ সংশ্লিষ্ট কমিটীৰ পৰা অনুমতি লাভ কৰিব বুলি আশা প্রকাশ কৰিছে পুনাৱালাই৷ ইক’নমিক টাইমছৰ গোলকীয় বাণিজ্যিক সন্মিলনত পুনাৱালাই উল্লেখ কৰে যে ভাৰতৰ প্রতিগৰাকী লোকক ২০২১ৰ অক্টোবৰৰ ভিতৰত ভেকচিন প্রদান কৰাটো সম্ভৱ হ’ব পাৰে৷ ইয়াৰ পাছতেই মহামাৰীমুক্ত স্বাভাৱিক জীৱনযাত্রা আৰম্ভ হ’ব পাৰে দেশত৷ চি ই অ’গৰাকীয়ে উল্লেখ কৰা অনুসৰি চলিত মাহৰ শেষত ভেকচিন প্রদানৰ জৰুৰী অনুজ্ঞা–পত্র লাভ কৰিব পাৰে এছ আই আয়ে৷ অৱশ্যে ব্যাপকভাৱে ভেকচিনবিধ ব্যৱহাৰ কৰাৰ বাবে প্রতিটো অনুজ্ঞা–পত্র লাভ কৰিবলৈ সময় লাগিব বুলিও উল্লেখ কৰে পুনাৱালাই৷ কিন্তু এছ আই আইক চৰকাৰৰ সংশ্লিষ্ট কমিটীয়ে অনুমতি প্রদান কৰিলে জানুৱাৰীত টিকাকৰণ আৰম্ভ কৰিব পাৰিব বুলি দৃঢ়তা প্রকাশ কৰিছে চি ই অ’গৰাকীয়ে৷