কংগ্ৰেছৰ ডুৱন্ত নাওঁ উদ্ধাৰ কৰিব নেকি আধুনিক চানক্যই!
বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ এটি বিশেষ খবৰে নিঃশেষ হ’বলৈ ধৰা কংগ্ৰেছ দলক যেন কিছু অক্সিজেন যোগাইছে। তিনি দিনত এই লৈ দ্বিতীয়বাৰ। কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ সৈতে নিৰন্তৰ বৈঠক চলিছে আধুনিক চানক্য প্রশান্ত কিশোৰৰ। সোমবাৰে আকৌ তেওঁলোকৰ মাজত বৈঠক চলে। সেই বৈঠকত ছোনিয়াৰ উপৰিও উপস্থিত আছিল তেওঁৰ কন্যা প্রিয়ংকা গান্ধী ভদ্ৰাসহ কংগ্রছৰ আন শীর্ষ নেতাও। পিকেই কংগ্রেছত যোগ দিছে নেকি? এই চৰ্চাই চলিছে ৰাজনৈতিক মহলত। শনিবাৰে ছোনিয়াৰ সৈতে দেখা কৰাৰ সময়ত ‘মিছন ২০২৪’ কলৈ সবিস্তাৰ পৰিকল্পনাৰ কথা তেওঁ জনাইছিল। সংবাদ প্ৰতিষ্ঠান পিটিআই সূত্রৰ খবৰ অনুসৰি, সোমবাৰৰ বৈঠকত গুজৰাটত আৰু হিমাচল প্রদেশৰ বিধানসভা নিৰ্বাচনক লৈ পৰিকল্পনাৰ কথা জনাইছিল তেওঁ। ইয়াৰ উপৰি অহা বছৰৰ কৰ্ণাটক, ছত্তীশগড়, মধ্যপ্রদেশ আৰু ৰাজস্থানৰ ভোটক লৈও কথা পাতে। প্ৰশান্ত কিশোৰৰ সৈতে বৈঠকত বহাৰ ঠিক আগতে প্রিয়ংকা, মুকুল ওৱাছনিক, ৰণদীপ সিং সূৰ্যেৱালা, কেচি বেণুগোপাল আৰু অম্বিকা ছোনিৰ সৈতে বৈঠকত মিলিত হয় ছোনিয়াই।