নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বাবে এবছৰ পিছুৱালে ‘গগণযান’

ভাৰতৰ প্রথম মানৱসহিত মহাকাশ অভিযান ২০২১ৰ ডিচেম্বৰত

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে দেশৰ বহু প্রতীক্ষিত মানৱসহিত মহাকাশ অভিযান ‘গগণযান’ প্রেৰণত এবছৰ বিলম্ব হ’ব৷ ইছৰোৰ অধ্যক্ষ কে শিৱনে প্রকাশ কৰা মতে ক’ৰোনা ভাইৰাছৰ নেতিবাচক প্রভাৱৰ পৰিপ্রেক্ষিতত গগণযান প্রেৰণৰ সময়সীমা এবছৰ পিছুৱাই যাব৷ গগণযান প্রেৰণৰ পূর্বে দুটাকৈ মানৱবিহীন অভিযান মহাকাশলৈ চলোৱাৰ নির্ধাৰিত সময় ক’ৰোনাৰ বাবে পিছুৱাবলগীয়া হোৱাত গগনযান প্রেৰণৰ সময়সীমাও এবছৰ পিছুৱাবলগীয়া হৈছে৷

ইছৰোৰ তথ্য মতে ২০২০ চনৰ ডিচেম্বৰত আৰু ২০২১ চনৰ জুলাইত মানৱবিহীন মহাকাশ অভিযান আৰম্ভ কৰাটো নিশ্চিত আছে৷ এই দুটাৰ সফলতাৰ পিছত ২০২১ বর্ষৰ ডিচেম্বৰত দেশৰ প্রথম মানৱসহিত মহাকাশ অভিযান গগণযান প্রেৰণৰ লক্ষ্য নির্ধাৰিত আছিল৷ কিন্তু ক’ভিড–১৯এ মানৱবিহীন অভিযানত প্রতিবন্ধকতাৰ সৃষ্টি কৰাত পৰৱর্তী সকলো অভিযান পিছুৱাই দিবলগীয়া হৈছে৷ উল্লেখ্য যে ইছৰোৰ মুখ্য কার্যালয়ত বিগত মাহত গগণযান অভিযানৰ বাবে জি এছ এল ভি এম কে–৩ক চিনাক্ত কৰা হৈছে৷ সেই অনুযায়ী মানৱসহিত অভিযানৰ বাবে জি এছ এল ভি প্রস্তুত কৰি থকা হৈছে৷ আনপিনে চন্দ্র অভিযান–৩ৰ প্রস্তুতিও আৰম্ভ কৰিছে ইছৰোৱে৷ অৱশ্যে এই অভিযানৰ সময় নির্দ্ধাৰণ কৰা হোৱা নাই৷

You might also like