গালৱান উপত্যকাত শ্বহীদ হোৱা ২০ বীৰ জোৱানলৈ শ্রদ্ধাঞ্জলি সেনাৰ ১৪ ক’পছৰ
নিয়মীয়া বাৰ্তা ১৬ জুনঃ গালৱান উপত্যকাত চীনা বাহিনীৰে সংঘর্ষত প্রাণ হেৰুওৱা শ্বহীদ জোৱানসকলক আজি প্রথমটো বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰতীয় সেনাই৷ ভাৰতীয় সেনাৰ লেহস্থিত ১৪ ক’পছৰ তৰফৰ পৰা গালৱানৰ সংঘর্ষৰ বর্ষপূর্তিত মঙলবাৰে বীৰ শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ স্মর্তব্য যে চীনা বাহিনীৰ অভাৱনীয় আগ্রাসনৰ সময়ত ২০ ভাৰতীয় জোৱানে প্রাণ হেৰুৱাবলগীয়া হৈছিল গালৱান উপত্যকাত৷ এই জোৱানসকলে মাতৃভূমিক ৰক্ষা কৰিবলৈ প্রাণ আহুতি দিছিল বুলি সেনাই আজি এক বিবৃতিত উল্লেখ কৰে৷ লেহস্থিত ১৪ ক’পছক সাধাৰণতে ‘ফায়াৰ এণ্ড ফিউৰী’ ক’পছ বুলি জনা যায়৷ চীনৰ পি এল এৰ বিৰুদ্ধে এই জোৱানসকলে বীৰত্বৰ পৰিচয় দাঙি ধৰিছিল৷ আজিৰ এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰে মেজৰ জেনেৰেল আকাশ কৌশিকে৷