চীনৰ তম্বুত ৰহস্যজনক জুইৰ বাবেই হৈছিল গালৱান সংঘর্ষ
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ লাডাখৰ গালৱান উপত্যকাত চীন–ভাৰতৰ সেনাৰ মাজত সংঘাতক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে কালি কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথৰ ৰাজ্যিক মন্ত্রী ভি কে সিঙে গালৱানৰ সংঘর্ষক লৈ তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এ বি পি নিউজৰ সৈতে হোৱা কথোপকথনত লাডাখৰ এল এ চিৰ সমীপত চীনৰ সেনাবাহিনীয়ে সজা তম্বুত ৰহস্যজনক জুই লগাৰ বাবেই দুই দেশৰ সেনাৰ মাজত ভয়ানক সংঘর্ষ হৈছিল৷ কেন্দ্রীয় মন্ত্রী তথা দেশৰ প্রাক্তন সেনা মুৰব্বী সিঙে এই ঘটনা সন্দর্ভত এই কথাও উল্লেখ কৰে যে লাডাখত ভাৰত–চীনৰ সেনাৰ সংঘর্ষত ৪০তকৈ অধিক চীনৰ সেনা নিহত হৈছিল৷
এই সংঘর্ষত কর্নেলসহ ২০ ভাৰতীয় জোৱান শ্বহীদ হৈছে৷ উল্লেখ্য যে দুই দেশৰ সেনাৰ মেজৰ পর্যায়ৰ বৈঠকৰ অন্তত এল এ চিৰ সমীপত কোনো দেশৰে সেনা থিতাপি ল’ব নোৱাৰে বুলি সিদ্ধান্ত লৈছিল যদিও কার্যতঃ চীনে সেয়া উলংঘন কৰিছিল৷ যোৱা ১৫ জুনত ভাৰতীয় সেনাই নিজৰ ফালে থকা অঞ্চলটি নিৰীক্ষণ কৰিবলৈ যাওঁতেই চীনা সৈন্যই আক্রমণ কৰিছিল বুলি কয় মন্ত্রীগৰাকীয়ে৷