নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: জাতিৰ পিতা মহাত্মা গান্ধীৰ প্রতিটো সা–সামগ্রীৰে ঐতিহাসিক প্রমূল্য আছে৷ অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ নীতি–আদর্শ বিশ্বজুৰি ভূয়সী প্রশংসিত হৈ আহিছে৷ তেওঁৰ প্রতিটো সা–সামগ্রীৰে অভাৱনীয় মূল্য আছে৷ শেহতীয়াভাৱে জাতিৰ পিতা গান্ধীয়ে পিন্ধা সোণখচিত ফ্রেমৰ চছমা এযোৰ ২.৫ কোটি টকাত বিক্রী হৈছে৷
ইষ্ট বিষ্টল নিলাম কেন্দ্রই প্রকাশ কৰা আলোকচিত্রৰ তথ্য মতে, ব্রিটেইনত ভাৰতৰ স্বাধীনতা সংগ্রামৰ নায়ক মহাত্মা গান্ধীয়ে পিন্ধা সোণখচিত চছমাযোৰ নিলামত নির্ধাৰণ কৰা মূল্যতকৈ প্রায় ১৭গুণ অধিক দামত বিক্রী হৈছে৷ ইষ্ট বিষ্টল নিলাম কেন্দ্রই ইনষ্টাগ্রামত প্রকাশ কৰা মতে, বিক্রী হোৱা চছমাযোৰ গান্ধীয়ে নিজেই এগৰাকী লোকক প্রদান কৰিছে আৰু সেই লোকগৰাকীৰ খুৰাকেই চছমাযোৰ নিলামত বিক্রী কৰে৷
তথ্য মতে, ১৯২০ চনৰ পৰা ১৯৩০ চনৰ ভিতৰত দক্ষিণ আফ্রিকাৰ ব্রিটিছ পেট্র’লিয়ামত কর্মৰত হৈ থকা অৱস্থাত মহাত্মা গান্ধীয়ে চছমাযোৰ সেই লোকজনক দিছিল৷ উল্লেখ্য যে নিলাম কেন্দ্রত চছমাযোৰ দি লোকজনে ১৫ হাজাৰ পাউণ্ড নির্ধাৰণ কৰি দিছিল আৰু তেনে মূল্য নাপালে, তাক দলিয়াই দিবলৈ কৈছিল৷ কিন্তু নিলামত সম্পূর্ণ বিপৰীত ছবি এখন প্রতিফলিত হ’ল, প্রায় ১৭ গুণ অধিক দামত বিক্রী হ’ল চছমাযোৰ৷