গিলগিট–বাল্টিস্তানক্ পাকৰ অন্তৱর্তী প্রদেশৰ মর্যাদা
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ গিলগিট–বাল্টিস্তানক্ পাকিস্তানে অন্তর্ৱর্তী প্রদেশৰ মর্যাদা প্রদান কৰিছে৷ পাক প্রধানমন্ত্রী ইমৰান খানে গিলগিট–বাল্টিস্তান অঞ্চলৰ বাবে শীঘ্রে উন্নয়নৰ পেকেজ ঘোষণা কৰিব বুলি মন্তব্য কৰিছে যদিও সবিশেষ উল্লেখ কৰা নাই৷ আগন্তুক ১৫ নৱেম্বৰত এই বিবদমান অঞ্চলটোত নির্বাচন অনুষ্ঠিত কৰিব পাক চৰকাৰে৷ গতিকে নির্বাচনৰ বিষয়টো আগত ৰাখিয়েই সবিশেষ তথ্য সদৰী কৰাৰ পৰা বিৰত আছে ইমৰান খান৷ স্মর্তব্য যে দীর্ঘদিন ধৰি ভাৰতে গিলগিট–বাল্টিস্তান অঞ্চল জম্মু–কাশ্মীৰৰ অংশ বুলি ঘোষণা কৰি আহিছে৷ এই গুৰুত্বপূর্ণ অঞ্চলটো অবৈধভাৱে পাকিস্তানে দখল কৰি থকা বুলি উল্লেখ কৰি অহা ভাৰতে ১৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ কোনো ধৰণৰ বৈধতা নাই বুলিও দাবী কৰিছে৷ আজি গিলগিটত ইমৰান খানে তথাকথিত স্বাধীনতা দিৱসৰ সমাৱেশত অংশগ্রহণ কৰি অন্তৱর্তী প্রদেশৰ মর্যাদা প্রদান কৰাৰ লগে লগে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে৷