নিয়মীয়া বাৰ্তা, ৪জুলাইঃ দেশজুৰি জুন মাহত নাৰী নির্যাতনৰ অপৰাধজনিত ঘটনা ২,০৪৩টা সংঘটিত হৈছে৷ বিগত ৮ মাহৰ তুলনাত জুন মাহত সর্বাধিক নাৰী নির্যাতনৰ অপৰাধজনিত ঘটনা সংঘটিত হোৱা বুলি ৰাষ্ট্রীয় মহিলা আয়োগৰ তথ্যত প্রকাশ পাইছে৷
মহিলা আয়োগৰ অধ্যক্ষা ৰেখা শর্মাই ছ’চিয়েল মিডিয়া ফ্লেটফ’মৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবেই নাৰীজনিত অপৰাধৰ ঘটনা অভিযোগ আয়োগলৈ অহাটো বর্ধিত হৈছে৷ তথ্য মতে, ২,০৪৩টা ঘটনাৰ ভিতৰত ৪৫২টা গার্হস্থ্য হিংসা আৰু ৬০৩টা মানসিক আৰু আৱেগিক নির্যাতনৰ৷ গার্হস্থ্য হিংসাৰ বিৰুদ্ধে নাৰী সুৰক্ষাৰ অধীনত দ্বিতীয় সর্বাধিক ৪৫২টা অভিযোগ মহিলা আয়োগে লাভ কৰিছে৷
ইপিনে, বিবাহিত মহিলাক নির্যাতনৰ ঘটনা ২৫২টা আৰু যৌতুক সম্পর্কীয় কাৰণত মহিলাক নির্যাতনৰ ১৯৪টা ঘটনা সংঘটিত হৈছে৷ তদুপৰি নাৰীক ধর্ষণৰ ঘটনা অভিযোগ ৭৮ আৰু যৌন নির্যাতনৰ অভিযোগৰ ঘটনা ৩৮৷ আনহাতে, জুন মাহত যৌতুক সংক্রান্তীয় নির্যাতনৰ ২৭টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে৷
উল্লেখ্য যে মে’ মাহত ৰাষ্ট্রীয় মহিলা আয়োগে লাভ কৰিছিল ১,৫০০টা নির্যাতনৰ ঘটনা৷ এপ্রিল মাহত ৮০০টা আৰু মার্চত ১,৩৪৭টা৷ তেনেদৰে ফেব্রুৱাৰীত ১,৪২৪টা আৰু জানুৱাৰীত ১,৪৬২টা নাৰী নির্যাতনৰ অভিযোগ লাভ কৰিছিল ৰাষ্ট্রীয় মহিলা আয়োগে৷ তথ্য মতে ২০১৯ৰ ডিচেম্বৰত ১,৪০২, নৱেম্বৰত ১,৬৪২ আৰু অক্টোবৰত ১,৮৮৫টা নাৰী নির্যাতনৰ অপৰাধজনিত ঘটনাৰ অভিযোগ লাভ কৰিছিল আয়োগে৷