দীঘলীয়া লকডাউনৰ অন্তত যাব বিচাৰে নেকি গোৱালৈ…আকৰ্ষণীয়ে ৰেহাইৰে সাজু চিৰ যৌৱনা গোৱা
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ সুদীৰ্ঘ সময় দিন ধৰি লকডাউনৰ বাবে গোৱা পৰ্যটকসকলৰ বাবে বন্ধ হৈ আছিল। কিন্তু এতিয়া ক্ৰমে পৰিৱেশ ভাললৈ উন্নীত হৈছে। চিৰ যৌৱনা গোৱা পুনৰ পৰ্যটকক আদৰি লবৰ বাবে সম্পূৰ্ণ ৰূপে সাজু।
গোৱাৰ ট্ৰেভেল এণ্ড ট্যুৰিজ্যিম এছচিয়চনৰ সভাপতি নিলেশ শ্বাহে কয় যে বিভিন্ন হোটেলত ইতিমধ্য়ে ৭০-৮০% আৰু কিছু হোটেলত ১০০% বুকিং হৈ গৈছে।
সৰ্বমুঠ ৩৮৭০ হোটেলৰ ভিতৰত ৬০০ খন হোটলৰ ইতিমধ্য়ে খোলা হৈছে আৰু বাকীকেইখন আহি থকা দিনোবৰত মুকলি হ’ব। এ ষ্টাৰ হোটেল উত্তৰ গোৱাত তিনিৰাতিৰ বাবে ১৮০০০ পৰ্যন্ত হ’ব যত বিমানৰ টিকটও অন্তৰ্ভুক্ত হ’ব।
প্ৰাক্তন ট্ৰেভেল এণ্ড ট্যুৰিজ্যিম এছচিয়েচনৰ সভাপতি ছেভিঅ মেছিচে কয় যে হোটেলত আৰু অধিক ৰেহাই দিয়া হ’ব। যাতে গ্ৰাহক সকলে নিজৰ পচন্দ অনুসৰি আহিব পাৰে। আনহাতে গোৱালৈ বিভিন্ন বিমান কোম্পানীয়েও যথেষ্ট সংখ্যক গ্ৰাহকৰ চাহিদা আনুসৰি বিমান সেৱাৰ যোগান ধৰিব।
মনকৰিব লগীয়া যে অহা নৱেম্বৰ মাহত আই এচ এলৰ মেচ গোৱাত অনুষ্ঠিত হ’ব। ইতিমধ্য়ে দল সমূহ গোৱাত অনুশীলনৰ বাবে উপস্থিত হৈছেগৈ। যাৰ পৰিপেক্ষিতত গোৱাত হোটেলৰ বুকিং দ্ৰুতগতিত আৰম্ভ কৰিছে।