ঘৰুৱা পৰ্যটকৰ বাবে মুকলি হ’ল গোৱা
নিয়মীয়া বাৰ্তা ২ জুলাইঃ যদি আপুনি ভ্ৰমণ কৰি ভাল পাই তেতিয়া আপোনাৰ বাবে নিশ্চয় ভাল খবৰ। আজিৰে পৰা দেশৰ প্ৰসিদ্ধ পৰ্যটন কেন্দ্ৰ গোৱা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী মনোহৰ অজঙগাম্বকৰে বুধবাৰে এই ঘোষণা কৰিছিল যে উপকূলীয় ৰাজ্য খনত আজিৰে পৰা পৰ্যটক আহিব পাৰিব। অৱশ্যে দেশৰ পৰ্যটক হে গোৱালৈ যাব পাৰিব। বিদেশী পৰ্যটকৰ বাবে গোৱা এতিয়াও মুকলি হোৱা নাই।
ক’ৰোনা ভাইৰাছৰ বাবে মাৰ্চ পৰা হোৱা লকডাউনৰ বাবে গোৱাও পৰ্যটকৰ বাবে বন্ধ হৈ আছিল। অৱশ্যে গোৱা ভ্ৰমণলৈ যাবলৈ হলে কেতবোৰ চৰ্ত সাপেক্ষেহে যাব পাৰিব।
গোৱাৰ পৰ্যটন মন্ত্ৰী গৰাকীয়ে কয় যে গোৱালৈ যাত্ৰা কৰাৰ যাত্ৰী সকলে ৰাজ্যৰ পৰ্যটন বিভাগৰ পঞ্জীকৃত হোটেলত বুকিং কৰিব লাগিব।
ইয়াৰ লগতে যাত্ৰী সকলে গোৱাত প্ৰৱেশ কৰাৰ কাৰণে কোভিড-১৯ নিগেটিভ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। অথবা ৰাজ্য খনত প্ৰৱেশ কৰাৰ আগতে কোভিড পৰীক্ষা কৰিব লাগিব। যেতিয়ালৈকে কোনো ধৰণৰ ফলাফল নাহে গোৱাৰে কোৱাৰেণ্টাইন কেন্দ্ৰত থাকিব লাগিব, যদি পজিটিভ আহে নিজৰ ৰাজ্যলৈ উভতি গৈ অথবা গোৱাতে চিকিৎসা কৰিব লাগিব।