গান্ধী নহয়, গডছেৰ আদর্শ প্রভাৱশালী হৈছে…
বিশেষ বাৰ্তা, ৩১ জানুৱাৰীঃ জাতিৰ পিতাৰ শিক্ষা তথা আদৰ্শ অনুসৰণকাৰীৰ সংখ্যা দেশত ক্ৰমাং কমিছে। আনহাতে তেখেতৰ হত্যাকাৰী নাথুৰাম গডছেৰ আদর্শ প্রভাৱশালী হৈ উঠিছে। দেওবাৰে এনেদৰে দুখ প্রকাশ কৰিছে মহাত্মা গান্ধীৰ পৰিনাতি তুষাৰ গান্ধীয়ে। মহামানৱৰ মৃত্যু দিৱসত তুষাৰ গান্ধীয়ে পুণৰ কয় যে, কেন্দ্রীয় চৰকাৰে যিসময়ত স্বাধীনতাৰ ৭৫ বৰ্ষপূর্তি উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিছে, তেনে সময়ত সেই অমৃতেই সমাজত ‘বিদ্বেষৰ বিষ’ হৈ আগুৰি ধৰা প্রত্যক্ষ হৈছে। গান্ধীৰ মৃত্যু বার্ষিকীত মহাৰাষ্ট্ৰৰ গান্ধী ষ্টাডী ছেন্টাৰত জেইএছ কলেজে আয়োজন কৰা ‘কৰ কে দেখো’ শীৰ্ষক ভার্চুয়েল অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এই বক্তব্য ৰাখে। এক শ্রেণীৰ মানুহে ইতিহাস বিকৃত কৰি নিজৰ মতে নতুনকৈ লিখিছে। তেওঁ পুণৰ কয় যে কিন্তু আমি প্রকৃত ইতিহাস পুনৰুজ্জীৱিত কৰিব লাগিব আৰু সমাজত বিদ্বেষ তথা বিভাজনৰ বিৰুদ্ধে মাত মাতিব লাগিব।