নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বণ্ড ক্রয় কৰিব পাৰিব ব্যক্তিগত বিনিয়োগকাৰীয়ে

নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ ভাৰতীয় ৰিজার্ভ বেংকৰ দুখন গ্রাহককেন্দ্রিক উদ্ভাৱনী আঁচনি আজি মুকলি কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ভিডি’ কনফাৰেঞ্চযোগে আৰ বি আইৰ দুই আঁচনি ‘আৰ বি আই ৰিটেইল ডাইৰেক্ট স্কীম’ আৰু ‘ৰিজার্ভ বেংক ইণ্ড্রিগেটেড ওমবাদচমেন স্কীম’ মুকলি কৰি প্রধানমন্ত্রী মোদীয়ে কয়– এই দুই আঁচনিয়ে বজাৰ মূলধন নিৰাপদ কৰিব৷ লগতে বিনিয়োগকাৰীৰ কাৰণে সহজ হ’ব৷ ক্ষুদ্র বিনিয়োগকাৰীয়ে চৰকাৰী ছিকিউৰিটিজ বজাৰত প্রত্যক্ষভাৱে বিনিয়োগ কৰাৰ সুযোগ পাব৷ তদুপৰি অর্থনীতিৰ কাৰণে অতি গুৰুত্বপূর্ণ শক্তিশালী বেংকিং ব্যৱস্থাক অধিক সবল কৰি তুলিব বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷

আৰবিআইৰ নতুন আঁচনিৰ জৰিয়তে চৰকাৰী ব’ণ্ড ব্যক্তিগত বিনিয়োগকাৰীয়ে ক্রয় কৰিব পাৰিব৷ প্রধানমন্ত্রীগৰাকীয়ে মুকলি কৰা আৰ বি আইৰ ৰিটেইল ডাইৰেক্ট স্কীমৰ লক্ষ্য হৈছে খুচুৰা বিনিয়োগকাৰীৰ কাৰণে চৰকাৰী ছিকিউৰিটিজ বজাৰত তেওঁলোকৰ বিনিয়োগ বৃদ্ধি কৰা৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা এই আঁচনিত প্রত্যক্ষভাৱে বিনিয়োগৰ নতুন স্থানৰ প্রস্তাৱ দিয়া হৈছে৷ বিনিয়োগকাৰীয়ে অতি সহজতে আৰ বি আইৰ সৈতে বিনামূলীয়াকৈ অনলাইনৰ জৰিয়তে চৰকাৰী ছিকিউৰিটিজ একাউণ্ট খোলাৰ লগতে ইয়াক পৰিচালনা কৰি থাকিব পাৰিব৷ আনপিনে ‘ৰিজার্ভ বেংক ইণ্ড্রিগেটেড ওমবাদচমেন স্কীম’ৰ জৰিয়তে আৰ বি আইৰ দ্বাৰা নিয়ন্ত্রিত বিত্তীয় প্রতিষ্ঠানৰ বিৰুদ্ধে গ্রাহকৰ অভিযোগসমূহ দূৰ কৰাৰ বাবে চলিত ব্যৱস্থাটো উন্নীত কৰা হৈছে৷ এটা প’র্টেল, এটি ই–মেইল আৰু এটা ঠিকনাতেই গ্রাহকে তেওঁলোকৰ অভিযোগসমূহ দাখিল কৰিব পাৰিব৷ আঁচনিৰ মূল আধাৰ হৈছে ‘ৱান নেচন ৱান ওমবাদচমেন’৷

You might also like