নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অংশ লয় তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ত। এই অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৰোনা মহামাৰীৰ বিৰুদ্ধে তীব্ৰ যুঁজৰ পিছত ভাৰতে আজি বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান চলাই আছে। কিন্তু ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত লালকিল্লাত হোৱা ঘটনাত দেশখন গভীৰভাৱে অতি শংকিত হৈছিল।
‘মন কি বাত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষিৰ আধুনিকীকৰণ আৰু ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ সদায়ে প্ৰতিশ্ৰুতিবদ্ধ, যি চিৰদিনলৈ অব্যাহত থাকিব।
खेती को आधुनिक बनाने के लिए सरकार प्रतिबद्ध है और अनेक कदम उठा भी रही है | सरकार के प्रयास आगे भी जारी रहेंगे : PM @narendramodi #MannKiBaat
— PMO India (@PMOIndia) January 31, 2021
প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘মন কি বাত’ৰ ৭৩ তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কৰোনা টিকাকৰণৰ ক্ষেত্ৰত ভাৰত আজি স্বাৱলম্বী হৈ পৰিছে আৰু এইক্ষেত্ৰত ভাৰত যিমান সক্ষম হ’ব, সিমানে সমগ্ৰ বিশ্ব উপকৃত হ’ব।
নতুন বছৰত জানুৱাৰী মাহত উদযাপন হোৱা বিভিন্ন উৎসৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই সকলোবোৰৰ ভিতৰত, দিল্লীত ২৬ জানুৱাৰীত ৰাষ্ট্ৰীয় পতাকাৰ অপমান দেখি দেশখন গভীৰভাৱে অতি শংকিত হৈছিল।”
ইপিনে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়া মাটিত ভাৰতীয় টেষ্ট দলৰ ঐতিহাসিক টেষ্ট শৃংখলা জয়ৰ বিষয়েও উল্লেখ কৰে।
কৰোনাৰ বিৰুদ্ধে চলি থকা দেশব্যাপী টিকাকৰণ অভিযানৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে সংকটৰ সময়ত ভাৰতে বিশ্বৰ সেৱা কৰিবলৈ সক্ষম হৈছে কিয়নো ঔষধ আৰু ভেকছিনৰ বাবে আজি ই স্বাৱলম্বী।
তেওঁ কয়, “এইটো এক স্বাৱলৱী ভাৰত অভিযানৰ ধাৰণা। ভাৰত যিমান সক্ষম, মানৱতাই যিমান সেৱা কৰিব, বিশ্বৰ অধিক লাভালাভ হ’ব।”
আনহাতে কেন্দ্ৰৰ তিনি নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত কৃষকসকলৰ প্ৰতিবাদৰ মাজত প্ৰধানমন্ত্ৰীয়ে আজি কয়, “চৰকাৰে কৃষিৰ আধুনিকীকৰণ কৰিবলৈ সংকল্পবদ্ধ আৰু কেইবাটাও পদক্ষেপ লোৱা হৈছে। এই প্ৰচেষ্টা অব্যাহত থাকিব,”