এবছৰৰ ভিতৰত লাগিব নাতি-নাতিনী, অন্যথা পাঁচ কোটি
বিশেষ বাৰ্তা, ১২ মেঃ বুধবাৰে হৰিদ্বাৰ আদালতৰ দ্বাৰস্থ হৈছে প্রবীণ নাগৰিক এছ আৰ প্রসাদ আৰু তেওঁৰ পত্নী। তেওঁলোকে বিচাৰকক কৈছে পুত্ৰক আমেৰিকাত পঢ়াশুনা কৰাবলৈ পঠিয়াই তেওঁলোকৰ সকলো টকা-পইচা শেষ হৈছে। ২০১৬ চনত তেওঁৰ সন্তানৰ বিবাহ হয়। এতিয়াও তেওঁলোকৰ সন্তান হোৱা নাই। জ্যেষ্ঠ নাগৰিকৰ বক্তব্য যে, এবছৰৰ ভিতৰত যেন তেওঁলোকৰ পুত্ৰ-বোৱাৰীয়ে সন্তান জন্ম দিয়ে। নহ’লে পুত্ৰ আৰু বোৱাৰীয়ে তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব পাঁচ কোটি টকা। নাতি-নাতিনী লাভৰ আশাতে পুত্ৰৰ বিয়া পাতি দিছিল। তেওঁ আৰু জনায় যে, পুত্ৰৰ শিক্ষাৰ বাবে তেওঁলোকে ঋণ ল’বলগীয়া হৈছিল। পুত্ৰই আমেৰিকাযত ট্রেইনিং ল’বলৈ গৈছিল। এতিয়া তেওঁলোকৰ টকা-পইচা সকলো ধাৰ মাৰোতে শেষ হৈছে। তেওঁলোকৰ আর্জি যে এবছৰৰ ভিতৰত যদি পুত্ৰ সন্তান নহয় তেন্তে পুত্ৰই আঢ়ৈ কোটি আৰু বোৱাৰীয়ে আঢ়ৈ কোটি টকা ক্ষতিপূৰণ দিব লাগিব। প্ৰসাদৰ অধিবক্তা এ কে শ্রীবাস্তৱে কৈছে, এই মোকৰ্দমাৰ সৈতে এটা সামাজিক সমস্যা জড়িত। সন্তানে পিতৃ-মাতৃৰ আর্থিক দায়িত্বভাৰ বহন কৰা উচিত।