নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ জম্মু–কাশ্মীৰৰ বাৰামুল্লা জিলাৰ আজাদগুঞ্জ অঞ্চলত নিৰাপত্তা বাহিনীৰ বাহনত কালি সন্দেহযুক্ত সন্ত্রাসবাদীয়ে গ্রেনেড আক্রমণ চলায়৷ বিৱৰণী মতে, আজাদগুঞ্জ অঞ্চলত সেনা বাহিনীৰ বাহনে পথ অতিক্রম কৰিবলৈ খোজোঁতে সন্ত্রাসবাদীয়ে গ্রেনেড আক্রমণ চলায় যদিও সন্ত্রাসবাদীৰ লক্ষ্য বিফল হয়৷
বাহনৰ পৰিৱর্তে পথৰ দাঁতিত থকা অসামৰিক লোকৰ মাজত গ্রেনেডটো বিস্ফোৰণ ঘটাত ৬জন আহত হয়৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ইয়াৰে দুজনক সংকটজনক অৱস্থাত শ্রীনগৰৰ চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷ গ্রেনেড আক্রমণ কৰাৰ পিছতেই নিৰাপত্তা বাহিনীয়ে সমগ্র অঞ্চলটো ঘেৰাও কৰি আক্রমণকাৰীক কৰায়ত্ত কৰিবলৈ অভিযান চলাই আছে৷
উল্লেখ্য যে বিগত কেইবাদিনো ধৰি সন্ত্রাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘর্ষত কেইবাজনো দুর্ধর্ষ সন্ত্রাসবাদী নিহত হোৱাৰ পিছতেই সন্ত্রাসবাদীৰ গোটে নিৰাপত্তা বাহিনীক আক্রমণৰ লক্ষ্য কৰি লৈছে৷