হাফিজ ছয়ীদৰ পুত্ৰ তালহাক চিহ্নিত সন্ত্ৰাসবাদী ঘোষণা ভাৰতৰ
বিশেষ বাৰ্তা, ৯ এপ্ৰিলঃ পাকিস্তানৰ সন্ত্রাসবাদ প্ৰতিৰোধী আদালতে ৩১ বছৰৰ কাৰাদণ্ডৰ ৰায় শুনাইছে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা হাফিজ ছয়ীদক। এইবাৰ তেওঁৰ পুত্র হাফিজ তলহা ছয়ীদক ‘সন্ত্ৰাসবাদী’ ঘোষণা কৰিলে ভাৰতৰ গৃহ মন্ত্ৰালয়ে। ১৯৬৭ চনৰ বে-আইনী কার্যকলাপ প্রতিৰোধী আইন (ইউএপিএ) অনুযায়ী জংগী সংগঠন লস্কৰ-ই-তৈবাৰ নেতা হাফিজ মহম্মদ ছয়ীদৰ পুত্ৰক ‘চিহ্নিত সন্ত্রাসবাদী’ তালিকাত অন্তর্ভুক্ত কৰা হৈছে। ৪৬ বছৰীয়া তলহাও লস্কৰৰ সামাজিক সংগঠন জামাত-উদ-দাৱাৰ নেতা। লাহোৰৰ বাসিন্দা হাফিজ-পুত্রও ২৬/১১ ৰ ঘটনাত যুক্ত হৈ আছিল। ভাৰত-বিৰোধী কার্যকলাপত নিয়মিত অংশ লয় তেওঁ। ভাৰতীয় ঠিকনাবোৰত আক্ৰমণ চলাবলৈ পাক-আফগান সীমান্তত জংগী প্রশিক্ষণ শিবিৰ গঢ়ি তুলিছিল বুলিও অভিযোগ ভাৰতৰ।