নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত মুছলমানসকল নিৰাপদ নহয়ঃ হামিদ আনছাৰি

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ দেশৰ প্রাক্তন উপ–ৰাষ্ট্রপতি হামিদ আনছাৰিয়ে জি নিউজৰে হোৱা এক গুৰুত্বপূর্ণ সাক্ষাৎকাৰত উল্লেখ কৰিছে যে ভাৰতত মুছলমানসকল নিৰাপদ নহয়৷ ২০১৭ চনত এই একেই মন্তব্য কৰিছিল আনছাৰিয়ে৷ উল্লেখনীয় যে সাক্ষাৎকাৰটোত ধর্ম নিৰপেক্ষতা মুছলমানৰ নিৰাপত্তা আদি বিভিন্ন বিষয়ক লৈ মন্তব্য আগবঢ়াইছে প্রাক্তন উপ–ৰাষ্ট্রপতিগৰাকী৷ আনছাৰিয়ে উল্লেখ কৰে যে তেওঁ তেওঁৰ গ্রন্থত ইতিমধ্যে চৰকাৰৰ অভিধানত ধর্ম নিৰপেক্ষতা বুলি কোনো শব্দ নথকাৰ কথা লিখিছে৷

অৱশ্যে ২০১৪ চনৰ পূর্বে চৰকাৰৰ অভিধানত ধর্ম নিৰপেক্ষতা আছিল নেকি বুলি কৰা প্রশ্ণৰ এক উত্তৰত আনছাৰিয়ে কয় যে তেতিয়া ধর্ম নিৰপেক্ষতাক কিছু হ’লেও গুৰুত্ব প্রদান কৰা হৈছিল৷ দেশত সেয়াই যথেষ্ট নাছিল৷ ‘বাই মেনী এ হেপী এক্সিডেণ্টঃ ৰিকালেকচন অৱ এ লাইফ’ শীর্ষক আনছাৰিৰ শেহতীয়া গ্রন্থত বহু স্পর্শকাতৰ বিষয়ৰ ওপৰত নির্মোহ বিশ্লেষণ আগবঢ়োৱা হৈছে৷

You might also like