নিৰ্ভয়াৰ ন্যায়ৰ বাবে যুঁজা উকীলে ল’ব হাথৰছ ধৰ্ষণ কাণ্ডৰ দায়িত্ব
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ নিৰ্ভয়াক ন্যায় প্ৰদানৰ হকে ওকালতি কৰা অধিবক্তা সীমা সমৃধিয়ে হাতত লৈছে হাথৰছ কাণ্ডৰ গোচৰ। সম্পূৰ্ণ বিনামূলীয়াকৈ এই গোচৰত ওকালতি কৰিব বুলি জনাইছে সীমা সমৃধীয়ে।
অধিবক্তাগৰাকীয়ে ফোনযোগে পীড়িতাৰ পৰিয়ালৰে যোগাযোগ কৰিছে আৰু শীঘ্ৰে তেওঁলোকক লগ কৰাৰ বাবে প্ৰস্তুত হোৱা বুলি জানিব পৰা গৈছে।
ইয়াৰ মাজতে হাথৰছ কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা আবেদন দাখিল কৰা হৈছে । আবেদনত উত্তৰ প্ৰদেশৰ পৰা দিল্লীলৈ গোচৰ স্থানান্তৰ কৰাকে ধৰি তদন্ত চি বি আই বা এছ আই টিৰ জৰিয়তে কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ্য উত্তৰপ্ৰদেশৰ হাথৰছ ধৰ্ষণ কাণ্ডক লৈ দেশৰ পৰিস্থিতি উত্তাল হৈ আছে।