নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্য মন্ত্ৰালয়ে কাৰ্যালয়ৰ বাবে কিয় জাৰি কৰিলে নতুন নিয়ম 

নিয়মীয়া বাৰ্তা ১৯ মেঃ  দেশত এতিয়া লকডাউন ৪.০ নতুন নিয়মৰ মাজেৰে চলি আছে। তাৰ মাজতে কিছুমান নতুন চৰ্তৰ সৈতে লকডাউনত শিথিলতা প্ৰদান কৰা হৈছে। আনহাতে  যি সমূহ কাৰ্যালয় খোলা হৈছে সেই সমূহ কাৰ্যালয়ৰ বাবে শেহতীয়াকৈ নতুন নিয়ম স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে।

 

কাৰ্যালয়ত কৰ্মচাৰী সকলৰ মাজত দূৰত্ব বজাই ৰাখিব লাগিব। কৰ্মচাৰীয়ে ১ মিটাৰ ব্যৱধানৰ দূৰত্বত বহিব লাগিব।

কৰ্মচাৰীৰৰ  মুখ মাস্ক অথবা কাপোৰে ঢাকি ৰাখিব লাগিব।

কৰ্মচাৰীয়ে চাবোন অথবা ছেনিটাইজাৰে হাত ধুই থাকিব লাগিব।

যদি কিবা ৰোগত আক্ৰান্ত হয় তেতিয়া ইয়াৰ সম্বন্ধে স্থানীয় প্ৰশাসনক অৱগত কৰিব লাগিব।

কাঁহ বা হাচি মাৰোতে মুখ ঢাকি ৰাখিব লাগিব।

কাৰ্যালয়লৈ যাঁওতে সাৱধানতা অৱলম্বন কৰা। ৰাজহুৱা স্থানত কোনো বস্তু স্পৰ্শ কৰিব নোৱাৰিব ।

যদি কোনোবা কাৰ্যালয়ত ক’ৰোনা সংক্ৰমিত হয় তেতিয়া সেই কাৰ্যালয়টো ৪৮ ঘণ্টাৰ বাবে ছীল কৰি দিয়া হব, যেতিয়ালৈকে সেই কাৰ্যালয়টো সুৰক্ষিত স্থান বুলি ঘোষণা নকৰে তেতিয়া লৈকে সকলো ঘৰৰ পৰা কাৰ্য সম্পাদন কৰিব লাগিব।

You might also like