নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তলাবন্ধৰ বাবে হৃদযন্ত্র আক্রান্তৰ হাৰ কমিছে বিশ্বত

নিউয়র্কৰ চিকিৎসকৰ বিশ্লেষণ

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ ভাৰত, চীন, আমেৰিকা আৰু স্পেইনত মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধৰ সময়ত হৃদৰোগত আক্রান্ত লোকৰ সংখ্যা হ্রাস পাইছে৷ তলাবন্ধৰ বাবে সাধাৰণ লোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি ঘটা বুলি উল্লেখ কৰিছে ডাঃ সমীন কে শর্মাই৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি ঘটা বাবেই এই চাৰিওখন দেশত হৃদযন্ত্র আক্রান্তৰ হাৰ যথেষ্ট হ্রাস পাইছে৷ এই দেশবোৰত তলাবন্ধৰ সময়ছোৱাত হৃদযন্ত্র আক্রান্তৰ হাৰ ৩০ৰ পৰা ৭০ শতাংশলৈ হ্রাস পাইছে৷ নিউয়র্কৰ মাউণ্ট ছিনাই হার্ট ইনষ্টিটিউটৰ চিকিৎসকগৰাকীয়ে এই তথ্য সদৰী কৰাৰ পাছতে বিষয়টোক লৈ বিশ্বৰ সংবাদ মাধ্যমত চর্চা চলিছে৷ স্মর্তব্য যে ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বিভিন্ন দেশে তলাবন্ধ ঘোষণা কৰাৰ সময়ত ঘৰত মানুহৰ শাৰীৰিক অনুশীলন, যোগ সাধনা তথা মানসিক উৎকর্ষ সাধনৰ বিভিন্ন অনুশীলন বৃদ্ধি পাইছে৷

You might also like