নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ প্রচণ্ড গৰমৰ কৱলত পৰিছে দেশৰ কেইবাখনো ৰাজ্য৷ ইয়াৰ ভিতৰত ৰাজস্থানত সর্বাধিক তাপমাত্রা লিপিবদ্ধ হৈছে৷ অহা ৪৮ ঘণ্টা ধৰি ৰাজস্থানৰ বিভিন্ন প্রান্তত বিশেষকৈ বার্মাৰত তাপমাত্রা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে শনিবাৰে ৰাজস্থানৰ বার্মাৰত সর্বাধিক ৪৩.২ ডিগ্রী চেলছিয়াছ তাপমাত্রা পোৱা গৈছে৷
ইপিনে, মধ্যপ্রদেশৰ পশ্চিম প্রান্ত গুজৰাট, তেলেংগানা আদি ৰাজ্যতো তাপমাত্রা বৃদ্ধি হৈ থকাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞানৰ সম্ভাৱনা মতে পৰৱর্তী ৪৮ ঘণ্টা মধ্যপ্রদেশৰ পশ্চিম প্রান্ত বিদর্ভ আদি অঞ্চলত তাপমাত্রা বৃদ্ধিয়ে সাধাৰণ নাগৰিকক অস্বস্তিত পেলাব৷
দেওবাৰৰ দিনটোত ৰাজস্থান, হিমাচল প্রদেশ, অসম, মেঘালয়, পঞ্জাব, ছিলিক, অৰুণাচল প্রদেশ আদি ৰাজ্যতো সাধাৰণ তাপমাত্রাতকৈ কিছু তাপমাত্রা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ বতৰ বিজ্ঞানৰ মতে উত্তৰাখণ্ড, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ছত্তিশগড়, কর্ণাটক, তামিলনাডু, কেৰালা আদি ৰাজ্যতো তাপমাত্রা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷
আনপিনে, বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰা মতে কেৰালা, তামিলনাডু, পডুছেৰী, অন্ধ্রপ্রদেশ, তেলেংগানা আদি ৰাজ্যৰ উপকূলীয় অঞ্চলত সাধাৰণভাৱে বৰষুণ অহাৰ সম্ভাৱনাও আছে৷ পশ্চিমীয়া বতাহৰ ব্যাঘাতৰ বাবে পশ্চিম হিমালয় অঞ্চলত অহা ২১ মার্চলৈকে বৰষুণৰ সম্ভাৱনা আছে৷ অন্ধ্রপ্রদেশ আৰু তেলেংগানাৰ উপকূলীয় অঞ্চলত ২১ মার্চৰ পৰা ২২ মার্চলৈকে সামান্য বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে৷