নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ হেমা মালিনীয়ে নিজৰ শ্ৰেষ্ঠ অভিনয়েৰে অনুৰাগীৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। সুন্দৰী অভিনেত্ৰী হেমা মালিনী বলীউডৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী। যিয়ে নিজৰ কেৰিয়াৰত বহু স্মৰণীয় আৰু হিট ছবি দৰ্শকলৈ আগবঢ়াইছে। এই ছবিবোৰত তেওঁ উৎকৃষ্ট ভূমিকা পালন কৰিছে। যি অনুৰাগীৰ মনত এতিয়াও জীয়াই আছে। কিন্তু লাখ লাখ লোকৰ হৃদয়ত থকা হেমা মালিনী কিমান শিক্ষিত জানেনে?
১৯৪৮ চনৰ ১৬ অক্টোবৰত জন্ম হৈছিল হেমা মালিনীৰ। তেওঁৰ সম্পূৰ্ণ নাম হেমামালিনী চক্ৰৱৰ্তী। চেন্নাইৰ অন্ধ্ৰ মহিলা সভাৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তাই পঢ়াৰ বাবে দিল্লীলৈ আহি ইয়াৰ তামিল এডুকেচন এছ’চিয়েশ্যন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নামভৰ্তি কৰে। অৱশ্যে পঢ়া-শুনাৰ সমান্তৰালভাৱে হেমাই সৰুৰে পৰা অভিনয়ৰ প্ৰতি বৰ আকৰ্ষিত আছিল। তাৰপিছত যেতিয়া তেওঁৰ নিজৰ চখটো পূৰণ কৰাৰ সুযোগ পালে, তেওঁ আধাতে শিক্ষা সাং কৰি দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনাও কৰিব নোৱাৰিলে।
দৰাচলতে হেমাৰ পিতৃ ভিএছআৰ চক্ৰৱৰ্তী আছিল তামিল ছবিৰ প্ৰযোজক। যাৰবাবে পিতৃক অনুসৰণ কৰি হেমা অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈছিল। তাৰ পিছত ১৯৬১ চনত অতি কম বয়সতে হেমা মালিনীয়ে এখন ছবিত নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। তেতিয়াৰ পৰায়ে তেওঁৰ অভিনয়ৰ কেৰিয়াৰ আৰম্ভ হৈছিল।