নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ দেশজুৰি ব্যাপক চর্চিত পেগাছাছ কাণ্ডক লৈ উচ্চ সদন ৰাজ্যসভাত অশোভনীয় ঘটনা সংঘটিত হয়৷ চলিত অধিৱেশনৰ বৃহস্পতিবাৰে ৰাজ্যসভাৰ মজিয়াত পেগাছাছ স্নুপিং বিতর্কক লৈ তথ্য–প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে বিবৃতি প্রকাশ কৰিব বিচাৰোঁতেই বিৰোধী সাংসদ এগৰাকীয়ে মন্ত্রীগৰাকীৰ পৰা বিবৃতিৰ পত্র কাঢ়ি লৈ যায় আৰু সেই বিবৃতি পত্র সদনৰ মজিয়াতে ফালি–ছিৰি পেলায়৷
বিৰোধী তৃণমূল কংগ্রেছৰ সাংসদ শান্তনু সেনে ইয়াৰ পাছতেই উপ–সভাপতিৰ পিনে চোঁচা লয়৷ তৃণমূল কংগ্রেছৰ সাংসদগৰাকীৰ এই অশোভনীয় কাণ্ডৰ পাছতেই বিৰোধী সাংসদসকলে উপ–সভাপতিৰ ওচৰলৈ গৈ চৰকাৰবিৰোধী শ্লোগানেৰ পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ বিৰোধী সাংসদসকলক তেওঁলোকৰ প্রতিবাদ অর্থাৎ অসংসদীয় আচৰণ এৰি নিজ আসনলৈ গৈ বহিবলৈ বাৰম্বাৰ উপ–সভাপতি হৰিবংশে আহ্বান জনায় যদিও প্রতিবাদী সাংসদসকলে কোনো গুৰুত্ব নিদিয়ে৷ উপ–সভাপতিগৰাকীয় সাংসদসকলক নিজৰ আসনলৈ গৈ তথ্য–প্রযুক্তি মন্ত্রী বৈষ্ণৱৰ বিবৃতি শুনিবলৈ আহ্বান জনায়৷
সাংসদসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি থকাৰ মাজতে মন্ত্রীগৰাকীয়ে পেগাছাছক লৈ বিবৃতি পাঠ কৰিবলৈ আৰম্ভ কৰে৷ এনে সময়তে তৃণমূলৰ সাংসদ শান্তনু সেনে মন্ত্রীগৰাকীৰ পৰা বিবৃতিৰ পত্র কাঢ়ি লৈ ফালি পেলোৱাই নহয়, মন্ত্রীগৰাকীক মন্তব্য দিয়াতো বাধা প্রদান কৰে৷ বিবৃতিৰ পত্র ফালি দলিয়াই পেলোৱাত মন্ত্রীগৰাকীয়ে তেওঁৰ বিবৃতি সম্পূর্ণ কৰিব নোৱাৰিলে৷ এনে হুলস্থূলীয়া পৰিস্থিতিৰ পাছতেই সদনৰ কার্যসূচী আজি দিনৰ ১১ বজালৈ স্থগিত ৰাখে৷ আনপিনে নিম্ন সদন লোকসভাতো পেগাছাছ বিতর্ক, কৃষি আইন, ক’ভিড–১৯ বিষয়কে ধৰি আনকেইবাটাও বিষয়ক লৈ বিৰোধীয়ে প্রতিবাদ সাব্যস্ত কৰাত প্রথমে দুবাৰকৈ সদনৰ কার্যসূচী স্থগিত ৰাখিবলগীয়া হয়৷ পুনৰ সদনৰ কার্যসূচী আৰম্ভ কৰাৰ পাছতেই বিৰোধীয়ে প্রতিবাদ কৰি পৰিস্থিতি উত্তাল কৰি তোলাত দিনটোৰ বাবে সদনৰ কার্যসূচী স্থগিত ৰাখিবলগীয়া হয়৷ লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ পৰিপ্রেক্ষিতত আজি দুয়ো সদনত বিশেষ কার্যসূচী সম্পন্ন কৰিব নোৱাৰিলে৷