আন ৰাজ্যলৈ শিপাইছে হিজাব বিতৰ্ক
বিশেষ বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ কর্নাটকৰ সীমা অতিক্রম কৰি হিজাব বিতর্কই এইবাৰ চুইছে বিজেপি শাসিত আৰু এখন ৰাজ্য মধ্যপ্রদেশক। স্কুল, কলেজত হিজাব নিষিদ্ধ কৰি মধ্যপ্রদেশৰ শিক্ষামন্ত্রীয়ে অভিন্ন পোছাক বিধি তথা শৃংখলাৰ দোহাই দিছে। হিজাবক লৈ বিতর্ক আৰম্ভ হৈছে পুডুচেৰীত। স্কুল-কলেজত হিজাব পিন্ধিব পাৰি জানো? ইয়াকে লৈ বিতর্ক আৰম্ভ হৈছে দেশৰ এটা অংশত। যোৱা মাহত কর্নাটকৰ উদুপিৰ এখন কলেজত হিজাব পৰিহিত ছাত্ৰীক ক্লাছ কৰিবলৈ নিদিয়াৰ অভিযোগক কেন্দ্র কৰি বিতর্কৰ সূত্রপাত ঘটে। কট্টৰ হিন্দুত্ববাদী সংগঠনবোৰে হিজাব বাতিলৰ দাবীত পথত নামিছে।
ইয়াকে লৈ হাহাকাৰ আৰম্ভ হয় দক্ষিণৰ ৰাজ্যখনত। পৰিস্থিতি এতিয়া এনে হৈছে যে তিনি দিনৰ বাবে ৰাজ্যৰ সকলো স্কুল, কলেজ বন্ধ কৰাৰ নির্দেশ দিছে কৰ্ণাটকৰ মুখ্যমন্ত্রীয়ে। ইয়াৰ মাজতে হিজাব বিতর্কই প্রৱেশ কৰিছে আৰু এখন বিজেপি শাসিত ৰাজ্য মধ্যপ্রদেশত। স্কুল, কলেজত হিজাব নিষিদ্ধ কৰাৰ পক্ষত কৈছে মধ্যপ্রদেশৰ শিক্ষামন্ত্রীয়ে। নিজ ৰাজ্যতো এই নিয়ম চালু কৰিব পাৰে বুলি ইংগিত দিছে তেওঁ। তেওঁ কৈছে হিজাব স্কুল ইউনিফর্মৰ অংগ নহয়। গতিকে স্কুলত সেয়া পিন্ধা নিষিদ্ধ কৰা উচিত। একেই অভিযোগ উঠিছে পুডুচেৰীত। তাত এজন শিক্ষকৰ বিৰুদ্ধে হিজাব পৰিহিতসকলক ক্লাছ কৰিবলৈ নিদিয়াৰ অভিযোগ উঠিছে। পুডুচেৰীৰ শিক্ষা দপ্তৰে বিষয়টোক লৈ তদন্ত আৰম্ভ কৰা বুলি জনাইছে।