নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক সংস্থাৰ সতর্কবাণীঃ দুর্যোগৰ সন্মুখীন হ’ব হিমালয়ৰ নামনি অঞ্চলৰ বাসিন্দা

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ  জলবায়ু পৰিৱর্তনে হিমালয়ৰ হিমবাহসমূহত ভয়াৱহ প্রভাৱ পেলাব৷ ‘ইণ্টাৰগৱর্নমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ (আইপিচিচি)ৰ ২০১৯ চনৰ প্রতিবেদনত এই সতর্কবাণী কৰিছিল৷ শেহতীয়াকৈ উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণৰ পিছতে পুনৰ এই প্রতিবেদন চর্চালৈ আহিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমবাহসমূহৰ বৰফ অভাৱনীয়ভাৱে গলিব৷ এই বৰফ গলনৰ ফলত নামনিৰ জনবসতিপূর্ণ অঞ্চলসমূহলৈ নামি আহিব মহাপ্রলয়৷

আগন্তুক বর্ষবোৰত হিমালয়ৰ হিমবাহ বিস্ফোৰণৰ ফলত ভূমিস্খলন আৰু অভাৱনীয় বানৰ সৃষ্টি হ’ব৷ দক্ষিণ এছিয়াত হিমালয়ৰ হিমবাহসমূহে খোৱাপানী, কৃষি ক্ষেত্রৰ পানী, জলবিদ্যুৎ আৰু জৈৱ বৈচিত্র্যত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে যদিও গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে আগন্তুক বর্ষবোৰত এই হিমবাহবোৰৰ বিলুপ্তি ঘটিব৷ হিমবাহসমূহ ধ্বংস হোৱা মানেই নামনি অঞ্চলৰ জনসাধাৰণ সন্মুখীন হ’ব লাগিব প্রাকৃতিক বিপর্যয়ৰ৷

শেহতীয়াকৈ উত্তৰাখণ্ডৰ ঘটনাৰ পিছত এই প্রতিবেদনৰ ওপৰত বিশ্লেষণ চলাইছে কেইবাগৰাকীও বিজ্ঞানীয়ে৷ লক্ষণীয়ভাৱে হিন্দুকুশ হিমালয় হৈছে অঞ্চলটোত বাস কৰা ২৪০ নিযুত লোকৰ জল যোগানৰ অন্যতম উৎস৷ ইয়াৰে ৮৬ নিযুত অর্থাৎ ৮ কোটি ৬ লাখ হৈছে ভাৰতীয় লোক৷ এই লোকসকলে হিমালয়ৰ হিমবাহৰ পৰা লাভ কৰি আহিছে পানী৷

স্মর্তব্য যে দুবছৰ পূর্বে অন্য এক সর্বাত্মক প্রতিবেদন চলাইছিল ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ইণ্টিগ্রেটেড মাউণ্টেইন ডেভেলপমেণ্ট (আইচিআইএম’ডি)য়ে৷ সংস্থাটোক এইক্ষেত্রত সহযোগিতা কৰিছিল হিন্দুকুশ হিমালয়া এছেছমেণ্টে৷ এই প্রতিবেদনতো উল্লেখ কৰা হৈছে যে গোলকীয় উষ্ণতাই হিমালয়ৰ হিমবাহলৈ কঢ়িয়াই আনিব পৰা দুর্যোগৰ বাবে কোটি কোটি লোক সংকটৰ সন্মুখীন হ’ব৷

You might also like